comScore
  • বিধানসভা নিৰ্বাচনত টকাৰ উজান, সুৰাৰ পয়োভৰ: নিৰ্বাচন আয়োগে জব্দ কৰিলে ১০০০ কোটিৰো অধিক ধন

    ৰাজনৈতিক
    বিধানসভা নিৰ্বাচনত টকাৰ উজান, সুৰাৰ পয়োভৰ: নিৰ্বাচন আয়োগে জব্দ কৰিলে ১০০০ কোটিৰো অধিক ধন
    ডিজিটেল ডেস্ক: দেশত এতিয়া পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি উৎকণ্ঠা অব্যাহত আছে৷ ইতিমধ্যে, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাব আৰু গোৱাত কেইবাটাও পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে৷ মণিপুৰত অহা ২৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন৷ নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্যসমূহত এতিয়ালৈ ১০০০ কোটি৷টকাৰো অধিক নগদ ধন, বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু সুৰা জব্দ কৰা হৈছে৷

    ভাৰতৰ নিৰ্বাচন আয়োগৰ এক বিবৃতি অনুসৰি, ৫১০.৯১ কোটি টকা জব্দৰে পঞ্জাব তালিকাৰ শীৰ্ষত আছে৷ তাৰ পাছতে আছে উত্তৰ প্ৰদেশ৷ উত্তৰ প্ৰদেশৰ পৰা জব্দ কৰা হৈছে ৩০৭.৯২ কোটি টকা৷ একেদৰে মণিপুৰৰ পৰা ৩০৭.৯২ কোটি, মণিপুৰৰ পৰা ১৬৭.৮৩ কোটি, উত্তৰাখণ্ডৰ পৰা ১৮.৮১ কোটি আৰু গোৱাৰ পৰা ১২.৭৩ কোটি টকা জব্দ কৰা হৈছে৷

    পাঁচখন ৰাজ্যত জব্দকৃত ১,০১৮ কোটি টকা ২০১৭ত কৰা মুঠ ২৯৯.৮৪ কোটি টকাতকৈ চাৰিগুণ অধিক৷ পাঁচখন ৰাজ্যৰ পৰা জব্দকৃত নগদ ধনৰ পৰিমাণ আছিল ১৪০.২৯ কোটি টকা৷ একেদৰে, ৯৯.৮৪ কোটি টকা মূল্যৰ ৮২ লাখ লিটাৰতকৈও অধিক সুৰা জব্দ কৰা হৈছিল।

    আনহাতে, ৰাজ্যকেইখনপ পৰা ৫৬৯.৫২ কোটি টকাৰ নিচাযুক্ত দ্ৰব্য, ১১৫.০৫৪ কোটি টকা মূল্যৰ মূল্যৱান ধাতু আৰু
    ৯৩.৫ কোটি টকাৰ বিনামূলীয়া সামগ্ৰীও জব্দ কৰা হৈছিল৷ পাঁচখন ৰাজ্যত চলোৱা অভিযানৰ বাবে আয়োগে ২২৮জন ব্যয় পৰ্যবেক্ষক নিয়োজিত কৰিছিল আৰু যিসকল ট্ৰেক ৰেকৰ্ডত ভাল ফলাফল প্ৰদৰ্শন কৰা বিশেষ ব্যয়
    পৰ্যবেক্ষকক কাৰ্যকৰী নিৰীক্ষণৰ বাবে ডমেইন বিশেষজ্ঞতা হিচাপেও নিযুক্ত কৰা হৈছিল।
    scatter hitamslot thailandmpo slotsv388mahjong ways 2slot777https://www.satudatadesa.com/link agen sbobet loginLink Agen Sabung Ayam OnlineMix ParlaySlot88SV388Agen SBOBETSlot777 Scatter HitamSabung Ayam Wala MeronAgen Mix ParlayScatter Hitamslot gacorsabung ayam onlineindojawa88sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388agen sbobet situs sabung ayam situs scatter hitam agen bola scatter hitam mahjong sabung ayam online 24 jam mix parlay slot terpercaya bandar sabung ayam sbobet88agen sbobet