• বিধানসভা নিৰ্বাচনত যুঁজিবলৈ সাজু ৫জন সাংসদ!

    ৰাজনৈতিক
    বিধানসভা নিৰ্বাচনত যুঁজিবলৈ সাজু ৫জন সাংসদ!

    গুৱাহাটী : বিধানসভা নিৰ্বাচনত যুঁজিবলৈ সাজু ৰাজ্যৰ ৫জন সাংসদ৷ প্ৰাৰ্থী হোৱাৰ দিশে বিজেপিৰ সাংসদ তপন গগৈ, পল্লৱলোচন দাস, কামাখ্যা প্ৰসাদ তাছা, নৱ কুমাৰ শৰণীয়া, কংগ্ৰেছৰ ৰিপুণ বৰা৷ আটাইকেইজন সাংসদে আগন্তুক বিধানসভাতো প্ৰতিদ্বন্দ্বিতা কৰা পূৰ্ণ সম্ভাৱনা আছে৷





    আৰু পঢ়িব পাৰিব : ৯২টা সমষ্টিত হ’ব বিজেপিৰ যুঁজ : অগপ-ইউপিপিএললৈ এৰিলে বাকী সমষ্টি





    মৰিয়নি সমষ্টিৰ প্ৰাৰ্থী হ’ব পাৰে সাংসদ কামাখ্যা প্ৰসাদ তাছা, বৰমাৰ প্ৰাৰ্থী হোৱাৰ দিশে সাংসদ নৱ কুমাৰ শৰণীয়া, গহপুৰত কংগ্ৰেছ প্ৰাৰ্থী হ’ব ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰা, শিৱসাগৰত প্ৰাৰ্থী হোৱাৰ দিশে সাংসদ তপন গগৈ, বিহালীত প্ৰাৰ্থী হোৱাৰ দিশে পল্লৱলোচন দাস৷





    আৰু পঢ়িব পাৰিব : মাত্ৰ ১০০ টকাতে সোণৰ ৰেজৰেৰে কৰাওক ক্ষৌৰকৰ্ম





    উল্লেখ্যে যে এইবাৰ চৰ্চাত থকা শিৱসাগৰ সমষ্টিত যুঁজ দিবলৈ ৰাইজৰ দলৰ সভাপতি কাৰাৰুদ্ধ অখিল গগৈৰ বিৰুদ্ধে বিজেপিয়ে তপন গগৈক থিয় কৰোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে৷