comScore
  • বৰ্ষাকালীন অধিৱেশন : ৩০খন বিধেয়ক লৈ সাজু চৰকাৰ, বিৰোধীৰে বৈঠক

    ৰাজনৈতিক
    বৰ্ষাকালীন অধিৱেশন : ৩০খন বিধেয়ক লৈ সাজু চৰকাৰ, বিৰোধীৰে বৈঠক

    নতুন দিল্লী : সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ এদিনৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ সৰ্বদলীয় বৈঠক। ৩৩টাতকৈ অধিক ৰাজনৈতিক দলৰ ফ্লোৰ সদস্যসকলৰ সৈতে বৈঠকত মিলিত হল প্ৰধানমন্ত্ৰী মোদী। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় মন্ত্ৰী তথা উচ্চ সংসদৰ নেতা পীয়ুষ গোৱেল, আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰণালয়ৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়েও এই বৈঠকত অংশগ্ৰহণ কৰে।





    বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে যে, তেওঁ সংসদত ইতিবাচক আৰু গঠনমূলক আলোচনা অনুষ্ঠিত হোৱাৰ আশা কৰিছে। তেওঁ লগতে কয়, চৰকাৰে নিয়মৰ মাজেৰে সকলো বিষয় আলোচনা কৰিবলৈ ইচ্ছুক। এই বৈঠকত কংগ্ৰেছৰ হৈ বিৰোধী দলটোৰ ৰাজ্যসভা তথা লোকসভাৰ নেতা ক্ৰমে মল্লিকাৰ্জুন খৰ্গে আৰু অধীৰ ৰঞ্জন চৌধুৰীয়ে অংশ লয়। তৃণমূল কংগ্ৰেছৰ ডেৰেক ওব্ৰায়ান, ডিএমকেৰ তিৰুচী শিৱা, সমাজবাদী পাৰ্টীৰ ৰাম গোপাল যাদৱ, বিএছপিৰ সতীশ মিশ্ৰকে ধৰি ৩৩টাতকৈও অধিক ৰাজনীতিক দলৰ সংসদৰ সদস্যই ভাগ লয়। সংসদৰ এই অধিৱেশনত চৰকাৰে ৩০খনকৈ বিধেয়ক উত্থাপন কৰাৰ পৰিকল্পনা কৰিছে। চৰকাৰে কোনো বিষয়ৰে আলোচনাৰ পৰা আঁতৰি নাথাকে বুলি আজিৰ বৈঠকত প্ৰকাশ কৰে। কাইলৈ সংসদৰ এই বৰ্ষাকালীন অধিৱেশন আৰম্ভ হব।


    indojawa88slot thailandsabung ayam onlinesv388Link Agen Sabung Ayam Onlinesv388sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388agen sabung ayamagen sabung ayam