National
A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day after the main opposition leader was disqualified from parliament. Gandhi claimed...
Digital Desk: A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day
নন্দীগ্ৰাম : ভঙা ভৰিৰেই ৰণ অব্যাহত ৰাখিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। আহত বাঘিনীৰ ৰূপত তেওঁ জঁপিয়াই পৰিছে ক্ষমতা ৰক্ষাৰ যুঁজত। বিজেপিৰ সৰ্বশক্তিক বাধা প্ৰদান কৰাৰ বাবে অকলশৰেই মমতা বেনাৰ্জীয়ে দলক নেতৃত্ব দি গৈছে।
আৰু পঢ়িব পাৰিব :হোলীৰ আনন্দৰ মাজতে পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে দুজনৰ
পুনৰ হুইল চেয়াৰত বহিয়েই নিৰ্বাচনী সমদলত ল’লে মমতা বেনাৰ্জীয়ে। সোমবাৰে নন্দীগ্ৰামত মমতাৰ এই ৰ’ড শ্ব’ অনুষ্ঠিত হয়। নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত নন্দীগ্ৰামত ভোটগ্ৰহণ কৰা হ’ব। নন্দীগ্ৰামত আঠ কিলোমিটাৰ দীঘল পদযাত্ৰা সম্পন্ন কৰে মমতাই। ইয়াৰ পাছতে হোলী উল্লাসৰ মাজতে তেওঁ এখন নিৰ্বাচনী সভাতো অংশগ্ৰহণ কৰে। নন্দীগ্ৰামৰ পৰা এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
আৰু পঢ়িব পাৰিব :হোলীৰ আনন্দৰ মাজতে পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে দুজনৰ
বৃহস্পতিবাৰে মমতা বেনাৰ্জী আৰু তেওঁৰ দলৰ প্ৰাক্তন সতীৰ্থ শুভেন্দু অধিকাৰীৰ মাজত তুমুল ভোট যুদ্ধ অনুষ্ঠিত হ’ব। উল্লেখ্য যে, মমতাৰ সংগ এৰি বিজেপিত যোগ দিছিল শুভেন্দু অধিকাৰীয়ে। তৃণমূল কংগ্ৰেছে মমতাৰ এই ৰেলীৰ ভিডিঅ’ প্ৰকাশ কৰিছে।
Leave A Comment