National
The Election commission of India also insisted on compliance with model code of conduct and the transparency factor of the electi
কোকৰাঝাৰ : নিৰ্বাচনৰ পূৰ্বে সৰভোগত মহাজোঁট সমৰ্থিত চিপিআইএম প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ ভাইৰেল ভিডিঅ'ই অথন্তৰ লগাইছে৷ ইয়াৰ পাছতে চিপিআইএম প্ৰাৰ্থীগৰাকীক ভোট বৰ্জনৰ আহ্বান জনাইছে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বৰপেটা জিলা সমিতিৰ সভাপতি সুকুমাৰ দেৱনাথে৷
আৰু পঢ়িব পাৰিব : নাজিৰাত ভয়ংকৰ অগ্নিকাণ্ডঃ লক্ষাধিক মূল্যৰ সা-সম্পত্তি ভস্মীভূত
সৰভোগ সমষ্টিত ১৯৭১ চনৰ পাছত অহা ২৫ হাজাৰৰো অধিক হিন্দু বাঙালী লোক থকা বুলি মন্তব্য কৰিছিল মনোৰঞ্জন তালুকদাৰে৷ তেওঁ প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ধীৰাজ দেউৰীক কাষত লৈ হিন্দু বাঙালী লোক সকলৰ বিষয়ে কৰা এটা মন্তব্যৰ ভিডিঅ' ভাইৰেল হৈ পৰাৰ পাছতেই চিপিআইএম প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে নামি পৰিছে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছন৷
আৰু পঢ়িব পাৰিব : আৰএছএছত যোগ দিলে জামিনৰ প্ৰস্তাৱ অখিলক ! বন্ধ কুঠৰীৰ বিস্ফোৰক পত্ৰ
সংবাদমেলত সৰভোগত ৭১ৰ পাছত অহা ২৫ হাজাৰ হিন্দু বাঙালী বিদেশীৰ তথ্য ক'ত কেনেকৈ পালে মনোৰঞ্জন তালুকদাৰক সেয়া স্পষ্ট কৰিবলৈ আহ্বান জনায়৷ অৱশ্যে মনোৰঞ্জন তালুকদাৰে এই কথা অস্বীকাৰ কৰি ময়দানৰ যুঁজলৈ আমন্ত্ৰণ কৰিছে বিজেপিক৷
Leave A Comment