International
নতুন দিল্লী : ক’ভিড নিগেটিভ ৰিপ’ৰ্ট বা দুপালি ক’ভিড প্ৰতিষেধক লোৱাৰ প্ৰমাণপত্ৰ অবিহনে ভোট গননা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব কোনো প্ৰাৰ্থীকে। নিৰ্বাচন আয়োগে আজি এইকথা প্ৰকাশ কৰিছে। ইয়াৰ পূ্ৰ্বে বিজয় উৎসৱ পালনত নিষেধাজ্ঞা আৰোপ কৰিছিল আয়োগে।
আৰু পঢ়িব পাৰিব : ভূমিকম্প : ৰাজ্যত দুজন লোক নিহত, আহত ১৫জন
অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু, পুডুচেৰীত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ ভোট গননালৈ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত এই নতুন নিৰ্দেশ জাৰি কৰিছে আয়োগে। প্ৰাৰ্থী আৰু তেওঁলোকৰ এজেণ্টসকলে ৪৮ঘণ্টাতকৈ বেছি পুৰণি নোহোৱা নিগেটিভ আৰটি-পিচিআৰ ৰিপ’ৰ্ট বা ৰেপিড এণ্টিজেন টেষ্টৰ ৰিপ’ৰ্ট নোলোৱাকৈ প্ৰৱেশ কৰিব নোৱাৰিব ভোট গননা কেন্দ্ৰত। বা তেওঁলোকে দুয়োপালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিব লাগিব।
আৰু পঢ়িব পাৰিব : ভাৰতীয় প্ৰতিষেধকতে আছে ক’ভিড জয়ৰ মন্ত্ৰ, কি নতুন তথ্যই
ভোট গননাৰ তিনিদিনৰ পূৰ্বে প্ৰাৰ্থীসকলে এজেণ্টৰ তালিকা জমা দিব লাগিব।
Leave A Comment