National
Rahul Gandhi remarked on Prime Minister Narendra Modi's surname in Kolar, Karnataka, in 2019...
গুৱাহাটীঃ বুধবাৰে কেইবাগৰাকীও নেতাই আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে গুৱাহাটীৰ ‘ৰাজীৱ ভৱন’ত৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, উপ-সভাপতি দ্বীজেন শৰ্মা, প্ৰাক্তন সাংসদ আৰ পি শৰ্মা, ববীতা শৰ্মা, মীৰা বৰঠাকুৰ আৰু অসীমা বৰদলৈৰ উপস্থিতিত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী৷
এই অনুষ্ঠানত কংগ্ৰেছত যোগদান কৰে আঞ্চলিক গণ মৰ্চাৰ প্ৰতিষ্ঠাপক নেতা মনজিৎ মহন্ত, একালৰ কংগ্ৰেছী তথা প্ৰাক্তন বিজেপি নেতা মেহদি আলম বৰা, ৰাজু গগৈ, আমিনুল হক, জ্বলি আহমেদে, আব্দুল ৱাহিদ, চিকন্দৰ আলী, ৰুবী ডেকা আৰু ৰাখি সিঙে৷ এই যোগদান কাৰ্যসূচীৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ মহিলা মৰ্চাই ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী৷ মূল্যবৃদ্ধিৰ ক্ষেত্ৰত বিজেপিৰ নিষ্ক্ৰিয় ভূমিকাৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছৰ মহিলা মৰ্চাই৷ এই প্ৰতিবাদী কাৰ্যসূচী ফাঁচী বজাৰত হোৱা কথা আছিল যদিও প্ৰশাসনে অনুমতি নিদিয়া বাবে ৰাজীৱ ভৱনতে সাব্যস্ত কৰা হয় এই প্ৰতিবাদ।
Leave A Comment