• মনোনয়ন প্ৰত্যাহাৰ কৰি যোগ দিলে বিজেপিত প্ৰাক্তন মন্ত্ৰীয়ে !

    ৰাজনৈতিক
    মনোনয়ন প্ৰত্যাহাৰ কৰি যোগ দিলে বিজেপিত প্ৰাক্তন মন্ত্ৰীয়ে !

    মাজুলী : নিৰ্বাচনত মনোনয়ন-পত্ৰ দাখিলৰ পাছতো অব্যাহত আছে দলবাগৰা কাৰ্য৷ মাজুলীত নিৰ্দলীয় প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্রী পদ্মেশ্বৰ দলে মনোনয়ন প্ৰত্যাহাৰ কৰি যোগ দিয়ে শাসনত থকা ৰাষ্ট্ৰীয় দলটোত৷





    আৰু পঢ়িব পাৰিব : এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰত কেমিকেলযুক্ত শুকান মাছ! জনস্বাস্থ্যৰ প্ৰতি ভাবুকি





    উল্লেখ্য যে অগপ চৰকাৰৰ কাৰ্যকালত কাৰাগাৰ আৰু কৃষি মন্ত্রীৰ দ্বায়িত্বত আছিল দলে। মনোনয়ন প্ৰত্যাহাৰ কৰি বিজেপি দলত যোগদান কৰে প্ৰাক্তন মন্ত্রীগৰাকীয়ে। মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ উন্নয়নৰ ধাৰাৰ প্ৰতি সমৰ্থন জনাই বিজেপিত যোগদান পদ্মেশ্বৰ দলে।





    আৰু পঢ়িব পাৰিব : অসমত বিজেপিৰ ৰথী-মহাৰথীৰ ভিৰ, কোন কোন আহিব প্ৰচাৰলৈ…





    জানিব পৰা মতে এজেপি দলত টিকট নাপাই নিৰ্দলীয়কৈ মনোনয়ন পত্র প্ৰদান কৰিছিল দলে। কিন্তু আজি আনুষ্ঠানিকভাৱে মিত্রজোঁটৰ নিৰ্বাচনী কাৰ্যালয়ত বিজেপিত যোগদান কৰে দলে।