• মহিলাসকলৰ বাবে সুখবৰঃ বিজেপি চৰকাৰ আহিলে মাফ হ’ব বেংকৰ ঋণ

    ৰাজনৈতিক
    মহিলাসকলৰ বাবে সুখবৰঃ বিজেপি চৰকাৰ আহিলে মাফ হ’ব বেংকৰ ঋণ

    নলবাৰী : মহিলাসকলৰ বাবে ভাল খবৰ৷ বিজেপি চৰকাৰ আহিলে বন্ধন বেংকৰ লোন ৰেহাই দিব চৰাকৰখনে৷ নলবাৰীৰ চান্দকুছিত জয়ন্ত মল্ল বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এই ঘোষণা কৰিলে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷





    আৰু পঢ়িব পাৰিব :বাদুলিৰ জৰিয়তেই আৰম্ভ হৈছিল ক’ৰ’নাৰ সংক্ৰমণ!





    ইপিনে মন্ত্ৰী শৰ্মাই আজমল সন্দৰ্ভত কয় যে, 'হজৰত মহম্মদে পৃথিৱীত ইছলাম ধৰ্ম আনিছিল৷ তেওঁ কেতিয়াও নিজক আল্লাৰ লগত সমান বুলি কোৱা নাছিল৷ তেওঁ নিজকে আল্লাৰ দূত বুলি ভাবে৷ কিন্তু বদৰুদ্দিন আজমলে ওপৰত আল্লাৰ তলত আজমল বুলি কৈ ইছলামক অপমান কৰিছে৷ আৰু অসমীয়া জাতিক প্ৰত্যাহ্বান দিছে৷'





    আৰু পঢ়িব পাৰিব :“NLFBত জড়িত আছে ৰাজনৈতিক নেতা” : সংবাদমেলত ভাস্কৰজ্যোতি মহন্ত





    দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথোঁন কেইটামান ঘণ্টা বাকী আৰু এনে সময়তেই তিব্ৰতৰ হৈ পৰিছে ৰাইজৰ ৰাজনৈতিক বাতাবৰণ৷ উল্লেখ্য যে ১ এপ্ৰিলত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিমটো দিনত সকলো ৰাজনৈতিক দলেই ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত৷