ডিজিটেল ডেস্ক: বহু প্ৰতীক্ষিত মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ আজি দিন ঘোষণা কৰিলে ভাৰতৰ নিৰ্বাচন আয়োগে৷ সমষ্টিটোক প্ৰতিনিধিত্ব কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা সৰ্বানন্দ সোণোৱালে পদত্যাগ কৰাৰ পাছত বিধায়কশূন্য হৈ আছিল সমষ্টিটো৷ সৰ্বানন্দ সোণোৱালে পদত্যাগ কৰি কেন্দ্ৰীয় মন্ত্ৰিত্বৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছতেই অৱধাৰিত হৈ পৰিছিল উপ-নিৰ্বাচন৷
অৱশেষত জল্পনা-কল্পনাৰ অন্তত
নিৰ্বাচন আয়োগে আজি মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিলে৷ অহা ৭ মাৰ্চত সমষ্টিটোত অনুষ্ঠিত হ’ব নিৰ্বাচন৷ ১০ মাৰ্চত ফলাফল ঘোষণা কৰা হ’ব এই উপ-নিৰ্বাচনৰ৷ নিৰ্বাচন আয়োগে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই তথ্য সদৰি কৰিছে৷ সমষ্টিটোত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ধাৰ্য কৰা হৈছে ১৭ ফেব্ৰুৱাৰী৷ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ২১ ফেব্ৰুৱাৰী৷ নিৰ্বাচন আয়োগে এই উপ-নিৰ্বাচন ইভিএমযোগে অনুষ্ঠিত হ’ব বুলি সদৰি কৰিছে৷
একেদৰে, ক’ভিডসৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আয়োগে নিৰ্বাচনৰ সময়ত কিছু ক’ভিড নীতিও বলবৎ কৰিছে৷ সেই অনুসৰি, পথসভা, পদযাত্ৰা, চাইকেল/বাইক/বাহনৰ ৰেলী, শোভাযাত্ৰা নিষিদ্ধ কৰাৰ লগতে সীমিত পৰিসৰতহে ৰাজহুৱা সভা, সভাগৃহ-প্ৰেক্ষাগৃহত সভা-সমিতি, ঘৰে-ঘৰে প্ৰচাৰত অনুমতি দিয়া হৈছে৷ লগতে, সামাজিক দূৰত্ব, মাস্ক পৰিধান, চেনিটাইজাৰৰ ব্যৱহাৰ বাধ্যতামূলক কৰা হৈছে৷
Leave A Comment