Spiritual
Horoscope for today Sunday …
Digital Desk: Aries (March 21-April 19)-Spend&nb
ঢেকিয়াজুলি : মাতৃ ভাষাত হ’ব চিকিৎসা-প্ৰযুক্তিৰ প্ৰতিষ্ঠান - এই গুৰুত্বপূৰ্ণ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ৷ ঢেকীয়াজুলিৰ সমাৱেশত অংশগ্ৰহণ কৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে এনেদৰে মতপোষণ কৰে৷ অসমত হিংসাদ্বেষ আঁতৰাই উন্নয়নৰ পথত আগুৱঢ়াবলৈ বিজেপি চৰকাৰে বহু কাম কৰিছে বুলি মন্তব্য তেওঁৰ৷
আৰু পঢ়িব পাৰিব :নৰেন্দ্ৰ মোদীৰ সপোনৰ ভাৰতৰ গোলকীয় ভাবমূৰ্তি সংকটত নেকি?
ইপিনে বিশ্বনাথ, চৰাইদেউৰ চিকিৎসা মহাবিদ্যালয়ক লৈ উৎসাহী মোদী আনহাতে ‘অসম মালা’ আঁচনিৰ বৃহৎ বিনিয়োগক বিজপিৰ৷ স্থানীয় ভাষাত হ’ব চিকিৎসা-প্ৰযুক্তিৰ প্ৰতিষ্ঠান গুৰুত্বপূৰ্ণ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ৷ গুৱাহাটী হ’ব আধুনিক চিকিৎসাৰ কেন্দ্ৰবিন্দু৷ চাংসাৰিৰ AIIMS হ’ব পূৰ্বোত্তৰৰ ভৰসা৷ আয়ুস্মান ভাৰতৰ বাবে সকাহ পাইছে সৰ্বসাধাৰণে বুলি মতপোষণ মোদীৰ৷ ইপিনে চাহ শ্ৰমিকৰ উন্নয়নত গুৰুত্ব দিছে দিছপুৰে৷
আৰু পঢ়িব পাৰিব :‘সাহসৰ অনন্ত সিন্ধু’- সুধাকণ্ঠৰ গীতৰ কলিৰে ভাষণ উপস্থাপন মোদীৰ
গৰ্ভৱতী চাহ শ্ৰমিকলৈ বিশেষ চিকিৎসাৰ সুবিধা প্ৰদান কৰা হ'ব৷ বাজেটতো চাহ শ্ৰমিকৰ বাবে ঘোষিত হৈছে এহেজাৰ কোটি বুলিও মন্তব্য তেওঁ৷ ভাৰতৰ চাহক বদনাম কৰিবলৈ চক্ৰান্ত চলিছে বুলিও অভিযোগ মোদীৰ৷ ‘অসম মালা’ যোজনাৰে সমৃদ্ধ হ’ব অসম৷ দেশৰ অন্য ৰাজ্যৰে উন্নত পথেৰে অসমৰ যোগাযোগ৷ ৰূপকোঁৱৰৰ কবিতাৰ পংক্তিৰে উন্নয়নৰ বাৰ্তা মোদীৰ৷
Leave A Comment