• মুখ্যমন্ত্ৰী সোণোৱালৰ কনভয়ৰ খুন্দাত আহত হয় এজন বাইক আৰোহী

    ৰাজনৈতিক
    মুখ্যমন্ত্ৰী সোণোৱালৰ কনভয়ৰ খুন্দাত আহত হয় এজন বাইক আৰোহী

    মাজুলী : আজি ৰাজ্যৰ ৪৭টা সমষ্টিৰ ভোটগ্ৰহণৰ প্ৰথম পৰ্যায় আৰম্ভ হয়৷ কিন্তু এই ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ মাজতেই মাজুলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয়ত অঘটন৷ মাজুলীত মুখ্যমন্ত্ৰীৰ কনভয়ৰ খুন্দাত আহত হয় এজন বাইক আৰোহী৷





    আৰু পঢ়িব পাৰিব : নিৰ্বাচনী হিংসা : প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনাই গুলীচালনা, আক্ৰমণ !





    আহত ব্যক্তিজনৰ নাম মুনীন্দ্ৰ মুক্তিয়া৷ আহত মুক্তিয়াৰক ততাতৈয়াকৈ গড়মুৰস্থিত জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ জানিব পৰা মতে, আহত মুক্তিয়াৰ মাজুলী উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী৷ ভোট দি ঘৰলৈ উভতাৰ পথত মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হওঁতে এই দুৰ্ঘটনা সংঘটিত হয়৷





    আৰু পঢ়িব পাৰিব : মৰিয়নিত অব্যাহত ভোটগ্ৰহণঃ ভোটপ্ৰদান ৰূপজ্যোতিৰ





    ভৰি আৰু হাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে মুনীন্দ্ৰ মুক্তিয়াৰ৷ উন্নত চিকিৎসাৰ বাবে তেওঁক ইতিমধ্যেই মাজুলীৰ পৰা প্ৰেৰণ কৰিছে ডিব্ৰুগড়লৈ৷