• মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : নাম অন্তৰ্ভুক্ত হ’ব সৰ্বানন্দ সোণোৱালৰ

    ৰাজনৈতিক

    নতুন দিল্লী : আজি সন্ধিয়া মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটিব৷ সন্ধিয়া ৬ বজাত ৰাষ্ট্রপতি ভৱনত হ’ব শপতগ্ৰহণ৷ মোদীৰ দ্বিতীয় কাৰ্যকালৰ আজি হ'ব প্ৰথমটো সম্প্ৰসাৰণ৷ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ’ব অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷

    আজি দিল্লীলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও৷ শপতগ্ৰহণ অনুষ্ঠানত থাকিব মাথোঁ ১২০জন লোক৷ মন্ত্ৰীসভাৰ সম্ভাব্য জ্যোতিৰাদিত্য সিন্ধিয়া, নাৰায়ণ ৰাণে, অনুপ্ৰিয়া পেটেল, ৰীতা বহুগণা যোশী, বৰুণ গান্ধী, বৈজয়ন্ত পাণ্ডা, সুশীল মোদী, মণিপুৰৰ আৰ কে ৰঞ্জন সিং আদি৷ মন্ত্ৰীসভাৰ পৰা বাদ পৰিব ৪জন নেতা৷ এতিয়াও নিশ্চিত হোৱা নাই সৰ্বানন্দ সোণোৱালৰ দপ্তৰ৷

    Weather Forecast

    ASSAM WEATHER