Regional
মৰিগাঁওঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে উত্তপ্ত হৈ পৰিছে মৰিগাঁৱৰ পৰিস্থিতি৷ নিশা মৰিগাঁও সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ৰাতুল বৰাক অচিনাক্ত ব্যক্তিয়ে টেলিফোনত ভাবুকি প্ৰদান কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাৰ্থী ৰাতুল বৰাক নিৰ্বাচনী প্ৰচাৰত কেৱল হিন্দুত্বৰ হৈ প্ৰচাৰ চলাবলৈ নিৰ্দেশ অচিনাক্ত ব্যক্তিৰ৷
আৰু পঢ়িব পাৰিব :কন্যাক অশালীন ব্যৱহাৰ কৰাৰ বাবে স্বামীক হত্যা
ব্যক্তিগৰাকীয়ে টেলিফোনত ৰাতুল বৰাক অশ্লীল গালি-গালাজ পৰাৰ উপৰি মৃত্যুৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে নিৰ্দলীয় প্ৰাৰ্থী ৰাতুল বৰাই৷ ৯৯৫৭৬৫৯৯৩৬ নম্বৰৰ পৰা আহিছিল সেই বিশেষ ফোন কলটো৷ ইতিমধ্যে নিৰ্দলীয় প্ৰাৰ্থী ৰাতুল বৰাই এই সন্দৰ্ভত মৰিগাঁও সদৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।
আৰু পঢ়িব পাৰিব :দেশৰ গণতান্ত্ৰিক পৰিস্থিতি সন্দৰ্ভত ৰাহুল গান্ধীৰ কঠোৰ সমালোচনা
উল্লেখ্য যে প্ৰাৰ্থী ৰাতুল বৰাই প্ৰথমে এই ঘটনাৰ সন্দৰ্ভত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষকক লিখিত আৱেদন দাখিল কৰিবলৈ গৈছিল যদিও আৰক্ষী অধীক্ষকে আৱেদন গ্ৰহণ নকৰি সদৰ আৰক্ষী থানালৈ পঠিয়াই দিয়া কথাটোৱে তাৎপৰ্য বহন কৰিছে সচেতন মহলৰ মাজত৷
Leave A Comment