• মৰিয়নিত নিৰ্বাচন নেখেলে অখিল গগৈয়ে ! প্ৰত্যাহাৰ কৰিলে মনোনয়ন পত্ৰ

    ৰাজনৈতিক
    মৰিয়নিত নিৰ্বাচন নেখেলে অখিল গগৈয়ে ! প্ৰত্যাহাৰ কৰিলে মনোনয়ন পত্ৰ

    গুৱাহাটী : দুটাকৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ বাবে কৃষক নেতা অখিল গগৈয়ে মনোনয়ন দিছিল যদিও এটা সমষ্টিত হে নিৰ্বাচনত নামিব বুলি জানিবলৈ দিয়ে৷ মৰিয়নি সমষ্টিত নিৰ্বাচন নেখেলে অখিল গগৈয়ে৷





    আৰু পঢ়িব পাৰিব : ছোৱালীয়ে পেণ্ট-স্কাৰ্ট পিন্ধিলেই কৰা হ’ব এঘৰীয়া





    ইতিমধ্যে মৰিয়নিত দাখিল কৰাৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিলে অখিল গগৈয়ে৷ কেৱল শিৱসাগৰ সমষ্টিত হে প্ৰতিদ্বন্দ্বিতা কৰিব গগৈয়ে৷ কাৰাৰুদ্ধ অখিল গগৈয়ে শিৱসাগৰ আৰু মৰিয়নিৰ দুটাকৈ সমষ্টিৰ পৰা আগবঢ়াইছিল মনোনয়ন পত্ৰ৷





    আৰু পঢ়িব পাৰিব : নতুন ভূমিকাত কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ





    বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ঘোষণা কৰিলে ৰাইজৰ দলৰ নেতৃত্বই৷ অৱশ্যে শিৱসাগৰত বিজেপিৰ প্ৰাৰ্থী সুৰভী ৰাজকুঁৱৰীৰ সৈতে কঠিন পৰীক্ষা হ'ব কাৰাৰুদ্ধ অখিল গগৈৰ৷