comScore
  • যোগীয়ে দলিতৰ ঘৰত আহাৰ গ্ৰহণ কৰি নিৰ্বাচনী চমক দিয়া আঁৰৰ কথাটো

    ৰাজনৈতিক
    যোগীয়ে দলিতৰ ঘৰত আহাৰ গ্ৰহণ কৰি নিৰ্বাচনী চমক দিয়া আঁৰৰ কথাটো
    ডিজিটেল ডেস্ক : এতিয়া উত্তৰ-প্ৰদেশৰ চৌপাশে ৰাজনীতিৰ গৰম বতাহ। কোনে দখল কৰিব শাসনৰ গাদী তাক লৈ জল্পনা-কল্পনাৰ অন্ত নাই। ৰাজনৈতিক দলসমূহেও নিজাকৈ গ্ৰহণ কৰিছে নিৰ্বাচনৰ ৰণ কৌশল। শাসনাধিস্থ বিজেপিক কেনেকৈ গাদীৰ পৰা উফৰাব পাৰি, তাক লৈ দিনে নিশাই ব্যস্ত বিৰোধী। তাৰ মাজতে বিজেপিৰ পৰা কেইবাজনো দলিত শ্ৰেণীৰ নেতাই পদত্যাগ কৰাক লৈ শ’লঠেকত বিজেপি। দলিতৰ ভোট যাতে নেহেৰায়, তাক লৈ বিজেপিয়েও প্ৰস্তুত কৰিছে বিভিন্ন কৌশল।

    শেহতীয়াকৈ উত্তৰ-প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে নিৰ্বাচনী চমক দিয়াৰ উদ্দেশ্যে এজন দলিতৰ ঘৰত আহাৰ গ্ৰহণ কৰা এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। তাৰ পাছতেই বিভিন্ন জনৰ কটু সমালোচনাৰ সন্মুখীন হৈছিল মুখ্যমন্ত্ৰীজন। বিৰোধী নেতাই সমালোচনাৰ লক্ষ্য কৰি লৈছিল যোগী আদিত্য নাথক। SBSPৰ নেতা ওম প্ৰকাশ ৰাজভাৰে সমালোচনা কৰি কৈছিল যে বিগত ৫ বছৰে দলিতৰ প্ৰাপ্য হজম কৰি অহা আদিত্য নাথে এতিয়া দলিতৰ ঘৰৰ আহাৰ হজম কৰিছে। বহুতে যোগী আদিত্য নাথৰ ফটোৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ এটা টুইট সংলগ্ন কৰি প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু উত্তৰ-প্ৰদেশৰ মুখ্যমন্ত্ৰী তিনিওকে চোকা সমালোচনা কৰিছিল। টুইটটোত মোদীয়ে কংগ্ৰেছক দোষাৰোপ কৰি কৈছিল যে কংগ্ৰেছ দুখীয়াৰ ঘৰলৈ গৈ আহাৰ খাই ফটো উঠাত পাকৈত। মোদীৰ টুইটেৰে বিজেপিৰ নেতাকেই প্ৰত্যুত্তৰ দিলে বহুতে।

    কিন্তু শেহতীয়াকৈ পোহৰলৈ আহিছে আন এক উদ্বেগজনক খবৰ। যোগী আদিত্য নাথে তেওঁ আৰু বিজেপিৰ প্ৰতি হেৰুৱা আস্থা ঘূৰাই আনিবলৈ আৰু দলিত সকলৰ ভোটবেংক নিকপ্ কপীয়া কৰিবলৈ দলিতৰ ঘৰত উঠা ফটোখনৰ আঁৰৰ কাহিনী এতিয়া পোহৰলৈ আহিছে। মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে শুক্ৰবাৰে গোৰখপুৰৰ এটা দলিত বস্তিৰ এটা দলিতৰ ঘৰত আহাৰ গ্ৰহণ কৰি দলিতসকলৰ প্ৰতি তেওঁৰ সমভাৱ দেখুওৱাৰ যত্ন কৰিছিল। কিন্তু শেহতীয়া তথ্য অনুযায়ী আদিত্য নাথে আহাৰ গ্ৰহণ কৰা সেই দলিতজন এজন বিজেপিৰ নেতাহে। দলিত জনৰ নাম অমৃত লাল ভাৰতী বুলি জানিব পৰা গৈছে। তেওঁ পেছাত এজন জীৱন বিমাৰ এজেন্ট। লগতে তেওঁ বিজেপিৰ মহানগৰ সমিতিৰ এজন বিষয়ববীয়া।

    উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ বিগত কাৰ্যকালত দলিত আৰু পিছপৰা শ্ৰেণীৰ লোকসকলৰ বাবে কোনো উল্লেখনীয় পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে। তদুপৰি এগৰাকী দলিত সম্প্ৰদায়ৰ ছোৱালীৰ মৃতদেহ কেৰাচিন-পেট্ৰ’ল ঢালি জ্বলাই দিয়া অভিযুক্তক যোগী চৰকাৰে ৰক্ষণাবেক্ষণ দি দলিতসকলক অন্যায় কৰ বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছ। এনেবোৰ অভিযোগ খণ্ডণ কৰিবলৈ তথা সকলোকে সমদৃষ্টি পোষণ কৰা বুজাবলৈ যোগী আদিত্য নাথে দলিতৰ ঘৰত আহাৰ গ্ৰহণ কৰি চমক দিবলৈ কৰা প্ৰচেষ্টাৰ আঁৰৰ ৰহস্য ফাদিলত এতিয়া আন এক মূৰ লৈছে উত্তৰ-প্ৰদেশৰ নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতিয়ে।
    scatter hitamslot thailandmpo slotsv388sabung ayam onlinemahjong ways 2agen bolasabung ayam onlineindojawa88akun pro thailandslot777bandar sabung ayam onlineagen bola sbobetlink sabung ayam onlinesitus sabung ayam online 24 jambocoran scatter hitamlive casino onlinelink mahjong ways 2 terbaruscatter hitam mahjong wins 3link sbobetsabung ayam online terpercayasitus mix parlayakun vipsabung ayam online resmihttps://baliprodesign.com/ https://www.bhumisangtu.com/auth/dex/https://www.satudatadesa.com/https://www.bhumisangtu.com/auth/dir/https://www.bhumisangtu.com/auth/dist/https://scop3group.com/bin/lang/https://scop3group.com/bin/text/https://scop3group.com/bin/core/https://ipmmakassar.or.id/lib/h5p/Link Demo Mahjong Ways 2link agen sbobet loginLink Agen Sabung Ayam Onlinesbobetscatter hitamsv388mix parlaysabung ayam onlinesitus slot thailandLive Casino OnlineScatter HitamSV388Mix ParlaySlot88SV388Agen SBOBETSlot777 Scatter HitamSabung Ayam Wala MeronAgen Mix ParlayScatter HitamSV388sv388slot gacoragen sabung ayamsabung ayam onlineindojawa88sabung ayam online