ডিজিটেল ডেস্ক: অহা ২৭ ফেব্ৰুৱাৰীৰ পৰা ১০ মাৰ্চলৈ মণিপুৰত হ’বলগীয়া ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল৷ সাজু হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছো৷ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজ্যখনৰ বিৰোধী দল কংগ্ৰেছে মণিপুৰৰ আঞ্চলিক অখণ্ডতা ৰক্ষাৰ বাবে AFSPA বাতিলৰ প্ৰতিশ্ৰুতি দিছে৷ উল্লেখযোগ্য যে, মণিপুৰত ওক্ৰাম ইবোবি সিঙ নেতৃত্বাধীন পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ১৯৫৮ চনৰ আইনখন সাতটা বিধানসভা সমষ্টিৰ পৰা প্ৰত্যাহাৰ কৰিছিল।
এইবাৰ
কংগ্ৰেছে মণিপুৰৰ আঞ্চলিক অখণ্ডতা সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি দিছে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যত ক্ষমতালৈ আহিলে বিতৰ্কিত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, চমুকৈ ‘আফস্পা’ বাতিল কৰিবলৈ কেন্দ্ৰক আহ্বান জনাইছে। নগালেণ্ডৰ মন জিলাত সেনাৰ দ্বাৰা সংঘটিত এক আক্ৰমণত যোৱা বছৰ ৪ ডিচেম্বৰত সাধাৰণ লোকৰ হত্যাৰ পিছত উত্তৰ-পূবৰ পৰা আফস্পা বাতিলৰ দাবী তীব্ৰ হৈ উঠিছে। কংগ্ৰেছে দলটোৰ নিৰ্বাচনী ইস্তাহাৰত সকলো আন্তঃৰাজ্যিক আৰু ভাৰত-ম্যানমাৰ সীমা সমস্যা সমাধানৰ বাবে কেন্দ্ৰৰ ওপৰত চাপ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছে।
দলটোৱে দিয়া আন কেইবাটাও প্ৰতিশ্ৰুতিৰ ভিতৰত আছে-
শিশুসকলৰ বাবে বিনামূলীয়া গুৰুত্বপূৰ্ণ চিকিৎসা প্ৰদান, ভুলভাৱে আটক কৰা সংবাদ মাধ্যমৰ লোকসকলক ক্ষতিপূৰণ, সমতল আৰু পাহাৰীয়া জিলাসমূহৰ একত্ৰিত বিকাশৰ বাবে ‘মাউণ্টেইন ইকনমি’ গ্ৰহণ, এছটিৰ বাবে সংৰক্ষিত প্ৰত্যক্ষ নিযুক্তি আৰু পদোন্নতিৰ বাবে সকলো খালী পদ পূৰণ কৰা ইত্যাদি৷ ইপিনে কালি মণিপুৰৰ বিজেপিৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে বিজেপিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছে৷ তেওঁ হেইংগাং সমষ্টিৰ পৰা একেৰাহে পঞ্চমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছে৷
Leave A Comment