Entertainment
Digital Desk : A new controversy has erupted between singers Diljit Dosanjh and AP Dhillon. It took centre stage during AP Dhillon's concert in Chandigarh where he accused Diljit of blocking him on Instagram.
গুৱাহাটী : শিখা শৰ্মাৰ গ্ৰেপ্তাৰক লৈয়ো মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাৰ। চৰকাৰ নিৰপেক্ষ হোৱা উচিত। শিখা শৰ্মাক বিজেপিৰ কৰ্মীয়ে সামাজিক মাধ্যমত দলবদ্ধ ধর্ষণ কৰাৰ ভাবুকি প্ৰদান কৰা ব্যক্তিসকলক কিয় গ্ৰেপ্তাৰ কৰা নাই তাক লৈয়ো প্ৰতিক্ৰিয়া ব্যক্ত ৰিপুন বৰাৰ৷ ষ্ট্রং ৰূমত ইভিএমৰ সুৰক্ষাক লৈ সন্দেহ অসম প্ৰদেশ কংগ্ৰেছৰ৷ আজি অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰী কৰে ৰিপুণ বৰাই৷
আৰু পঢ়িব পাৰিব : পুনৰ ভয়াৱহ সংকটৰ দিশে দেশ, দৈনিক লাখে লাখে আক্ৰান্ত কৰ’নাত
চিচিটিভিৰ access link প্ৰত্যকজন প্ৰাৰ্থীক দিবলৈ নিৰ্বাচন আয়োগলৈ চিঠিযোগে দাবী জনাইছে প্ৰদেশ কংগ্ৰেছে৷ বৰাৰ মতে, ক’ৰবাত ক'ৰবাত খেলিমেলি হৈছে৷ নিৰ্বাচন আয়োগে ভালকৈ কাম কৰা নাই যদিও ৰাজ্যৰ প্ৰশাসন নিৰ্বাচন আয়োগক ধন্যবাদ জনাইছে প্ৰদেশ কংগ্ৰেছে৷
আৰু পঢ়িব পাৰিব : একে নিশাই তিনিটা বিধ্বংসী অগ্নিকাণ্ড ! অগ্নিদগ্ধ ৭জন
ইপিনে বৰাৰ অভিযোগ, 'নিৰ্বাচন আয়োগে আমাক প্ৰতিশ্ৰুতি দিছিল তৃতীয় পৰ্যায়ত নিৰ্বাচনত খেলিমেলি নহয়৷ কিন্তু তাৰ পাছতো বহুত খেলিমেলি হ'ল৷ নিৰ্বাচন আয়োগে বিজেপিৰ হেঁচাত কাম কৰিছে৷' আনহাতে ভোটদানৰ হাৰ বৃদ্ধিত সন্তুষ্টি প্ৰকাশ বৰাৰ৷ ‘ভোটৰ হাৰ বৃদ্ধিয়ে পৰিৱৰ্তন বিচৰাটো বুজাইছে৷’ ৰিপুন বৰাৰ সমীক্ষা অনুযায়ী সংখ্যাগৰিষ্ঠতা পাব কংগ্ৰেছে৷
Leave A Comment