ডিজিটেল ডেস্ক: দেশৰ আঠটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত সুশাসনৰ সূচকাংকত শীৰ্ষস্থান আৰোহণ কৰিছে জম্মু আৰু কাশ্মীৰে৷ সুশাসন হৈছে ৰাজহুৱা প্ৰতিষ্ঠানবোৰে কেনেদৰে ৰাজহুৱা বিষয় আৰু সম্পদ পৰিচালনা কৰে, তাৰ এক বিশ্লেষশ। এয়া হৈছে উন্নয়নৰ বাবে এখন দেশৰ অৰ্থনৈতিক আৰু সামাজিক সম্পদৰ পৰিচালনাৰ বাবে ব্যৱহাৰ কৰা শক্তি। সুশাসনৰ ধাৰণাটো মুখ্যতঃ সমাজৰ নিৰ্বাচিত গোটবোৰৰ বিপৰীতে জনসাধাৰণৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ দায়িত্বৰ ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰে। আইনৰ শাসন, স্বচ্ছতা, প্ৰতিক্ৰিয়াশীলতা, সহমতৰ দিশ, সমতা, কাৰ্যকৰীতা আৰু দক্ষতা, দায়বদ্ধতা আৰু কৌশলগত দৃষ্টিভংগীয়ে সুশাসনৰ মূল অংশ।
শেহতীয়াকৈ, জম্মু আৰু কাশ্মীৰ দেশৰ প্ৰথম
কেন্দ্ৰীয় শাসিত অঞ্চল হৈ পৰিছে য’ত সুশাসনসূচক আছে, যাৰ ফলত মানুহে প্ৰশাসনৰ দ্বাৰা প্ৰস্তুত কৰা নীতি আৰু উন্নয়নমূলক পৰিকল্পনাৰ প্ৰশংসা কৰিছে। যোৱা কেইবছৰমানৰ পৰা জম্মু আৰু কাশ্মীৰে স্বাস্থ্য, কৃষি, উদ্যানশস্য, পুষ্পপালন পৰ্যটন আৰু ক্ৰীড়াৰ দৰে ক্ষেত্ৰত যথেষ্ট উত্তৰণ ঘটাইছে৷
ইয়াৰ পূৰ্বে, আন্তঃগাঁথনিৰ অভাৱৰ বাবে মানুহে আহুকলীয়া সমস্যাৰ সন্মুখীন হৈছিল৷ কিন্তু, তাত এতিয়া তৃণমূল পৰ্যায়ৰ পৰাই উন্নয়নৰ ছবি প্ৰতিফলিত হৈছে, দেখা গৈছে৷ কিয়নো, জম্মু আৰু কাশ্মীৰত পৰ্যটনৰ দিশটোৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উপৰিও সংযোগ উন্নত কৰাৰ বাবে কৰা বিভিন্ন পথ নতুন পৰিকল্পনাৰে নিৰ্মাণ কৰা হৈছে৷
Leave A Comment