Spiritual
Horoscope reading for Today …
Digital Desk: Aries (March 21-April 19): Today is for socializing and fun! Enjoy sports, activities with kids, and
ডিজিটেল ডেস্ক: সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্য আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈ জাতীয় প্ৰশ্নত কোনোদিনে এক নহ’বই নেকি? জাতীয় জীৱনৰ সন্ধিক্ষণৰ সময়ত এই দুই নেতা একেখন মঞ্চত একেলগ হোৱাতো অসমবাসীয়ে বিচাৰে৷ অথচ, সেয়া নিবিচাৰে শাসক পক্ষই৷ কিয়নো, এই দুই নেতা এক হোৱাৰ লগে লগেই সলনি হৈ যাব অসমৰ সামাজিক-ৰাজনৈতিক প্ৰেক্ষাপট৷ দীৰ্ঘসময়জুৰি সদৌ অসম ছাত্ৰ সন্থাক নেতৃত্ব দিয়া ড° ভট্টাচাৰ্যৰ নেতৃত্ব আৰু অসমৰ জাতীয় প্ৰশ্নত তেওঁ গ্ৰহণ কৰা ভূমিকাক প্ৰশ্নাতীত! একেদৰে, দৈয়াং টেঙানিৰ পৰা আৰম্ভ কৰি শিৱসাগৰৰ বিধায়ক হোৱালৈ এই দীঘলীয়া পৰিক্ৰমাত অখিল গগৈয়েও অসমৰ জাতীয় জীৱনত প্ৰভূত অৰিহণা আগবঢ়াইছে, যাক নস্যাৎ কৰা সম্ভৱ নহয়৷
২০১৯ চনৰ কা আন্দোলনত কা বাতিলৰ দাবীৰে চলা আন্দোলনত অসমৰ বৰেণ্য বুদ্ধিজীৱী, লেখক, সুধীবৃন্দ, অসমবাসীয়ে অনুৰোধ বিচাৰিছিল যে, সদৌ অসম ছাত্ৰ সন্থা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে একেলগে ‘কা’বিৰোধী আন্দোলন কৰক৷ তাৰ বাবে অখিল গগৈয়ে সৰ্বোচ্চ ত্যাগ কৰি হ’লেও সমুজ্জ্বল ভট্টাচাৰ্যই বিচাৰিলে ‘আছু’ৰ সৈতে একেলগে আন্দোলন কৰিব বুলি ঘোষণা কৰিছিল৷ ড° হীৰেন গোহাঁইকে প্ৰমুখ্য কৰি অসমৰ চিন্তাশীল লোকসকলে অখিল গগৈ আৰু সমুজ্জ্বল ভট্টাচাৰ্যক একেলগে আন্দোলনটোক আগবঢ়াই নিবলৈ পৰামৰ্শ দিছিল৷ কিন্তু, কাৰো একো পৰামৰ্শ নৰজিল৷ সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ নকৰিলে অখিল গগৈক৷ আনকি, সদৌ অসম ছাত্ৰ সন্থাৰ তদানীন্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ আৰু সভাপতি দীপাংক কুমাৰ নাথেও অখিল গগৈৰ সৈতে একেলগে ‘কা’বিৰোধী আন্দোলন কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছিল৷ শুনামতে, কেৱল সমুজ্জ্বল ভট্টাচাৰ্যৰ বাবেই সম্ভৱ নহ’ল আছু-কৃষক মুক্তিৰ যৌথ সংগ্ৰাম৷ পৰৱৰ্তী সময়ত বিভাজিত আন্দোলনৰ ফলাফল কি হ’ল ৰাইজে দেখিলেই৷
এতিয়া ৰাইজে চৰ্চা কৰে, কিয় সমুজ্জ্বল ভট্টাচাৰ্যই গ্ৰহণ নকৰে অখিল গগৈক৷ এই প্ৰশ্নৰ উত্তৰ বিচাৰি আমি কিছুবছৰ পিছুৱাই যাব লাগিব৷ হোমেন বৰগোহাঞি সম্পাদক হৈ থকাৰ সময়ছোৱাত ‘আমাৰ অসম’ কাকতত এখন আলোকচিত্ৰ প্ৰকাশ পাইছিল৷ আলোকচিত্ৰখনত নামনি অসমৰ কোনো এটা মন্দিৰত একেলগে দেখা গৈছিল সমুজ্জ্বল ভট্টাচাৰ্য আৰু অসম লোকসেৱা আয়োগৰ তদানীন্তন অধ্যক্ষ ৰাকেশ পালক৷ সেইখন আলোকচিত্ৰই তুমুল ধুমুহাৰ সৃষ্টি কৰিছিল ৰাজ্যজুৰি৷ পৰৱৰ্তী সময়ত অখিল গগৈয়ে কেইবাখনো সংবাদ মেলযোগে ৰাজহুৱাকৈ অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰিত সমুজ্জ্বল ভট্টাচাৰ্যৰ প্ৰাৰ্থী থকা বুলি আশংকা ব্যক্ত কৰিছিল৷ আনকি, সমুজ্জ্বল ভট্টাচাৰ্যক মুকলি প্ৰত্যাহ্বান জনাইছিল অখিল গগৈয়ে৷ মৌন হৈ ৰৈছিল সমুজ্জ্বল ভট্টাচাৰ্য৷ আৰু সেয়াই যেন ভুল আছিল অখিল গগৈৰ৷ যাৰ ফলশ্ৰুতিত কোনোদিন এই দুই নেতাক অসমবাসীয়ে একেলগে একেখন মঞ্চত দেখাৰ সৌভাগ্য নহ’ল৷
১২ ডিচেম্বৰ, ২০২১৷ ‘কা আন্দোলন’ৰ দুবছৰপূৰ্তি৷ পঞ্চশ্বহীদৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰিলে সদৌ অসম ছাত্ৰ সন্থা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ শ্বহীদৰ শ্ৰদ্ধাঞ্জলিতো আনকি একলগ নহ’ল এই দুই নেতা৷ অভিযোগ-প্ৰতিঅভিযোগৰ সাক্ষী হৈ ৰ’ল অসমবাসী৷ অখিল গগৈয়ে পুনৰ ৰাজপথত কা আন্দোলন হ’ব বুলি কোৱাৰ পাছতেই সমুজ্জ্বল ভট্টাচাৰ্যই প্ৰয়োজন অনুসাৰে আন্দোলন খেলপথাৰতে হ’ব বুলি মন্তব্য কৰিলে৷ লগতে, আন্দোলনত গান-বাজনাৰো প্ৰয়োজন থকা বুলি উল্লেখ কৰি ভট্টাচাৰ্যই গানক আন্দোলনৰ এটা অংশ বুলি মন্তব্য কৰে৷ তাৰ পাছৰে পৰা অসমৰ ছ’চিয়েল মিডিয়াত বিষয়টো চৰ্চিত হৈছে৷ দুবছৰ আগলৈকে ড° ভট্টাচাৰ্যৰ এটা আহ্বানত ৰাজপথ পোৱা অসমীয়াই আজি ড° ভট্টাচাৰ্যৰ নেতৃ্ত্বক লৈ সন্দেহ প্ৰকাশ কৰিছে৷ পুনৰ বিভাজিত আন্দোলনেৰে চৰকাৰী পক্ষক সুবিধা কৰি দিয়াব পাৰে ৰাইজে মতপোষণ কৰিছে৷ তাৰ স্পষ্ট প্ৰতিফলন বিগত দুদিনত ছ’চিয়েল মিডিয়াত দেখা গৈছে৷
এইবেলি সমুজ্জ্বল ভট্টাচাৰ্যৰ নেতৃত্বত কা আন্দোলন কৰিবলৈ ইচ্ছুক আৰু আগ্ৰহী নহয় অসমবাসী৷ এই কথাই যোৱা দুদিনৰ সামাজিক প্ৰেক্ষাপটৰ পৰা স্পষ্ট হৈ পৰিছে৷ এই বিষয়টোক সদৌ অসম ছাত্ৰ সন্থায়ো গভীৰভাৱে অধ্যয়ন কৰাতো প্ৰয়োজন৷ আছুক জনমানসত অবিশ্বাসৰ বাতাবৰণৰ মাজলৈ ঠেলি দিয়াত কোনবোৰ কাৰকে ক্ৰিয়া কৰিছে, সেই কথাক নিৰ্মোহভাৱে বিশ্লেষণ কৰক সদৌ অসম ছাত্ৰ সন্থাই৷ কিয়নো, অসমৰ সমাজ জীৱনত সদৌ অসম ছাত্ৰ সন্থাৰ অপৰিসীম গুৰুত্ব আৰু প্ৰভাৱ আছে৷ কোনো ব্যক্তি বিশেষৰ অচিলা লৈ ৰাইজে যাতে সদৌ অসম ছাত্ৰ সন্থাক মনৰ পৰা দূৰলৈ ঠেলি নিদিয়ে, তাৰ বাবে আছুৱে অত্যন্ত মনোযোগ দিয়া দৰকাৰ৷
বৰ্ষীয়ান ছাত্ৰনেতা সমুজ্জ্বল ভট্টাচাৰ্যৰ আহ্বানকো আজিকালি অসমবাসীয়ে বৰ বেছি গুৰুত্ব নিদিয়া হৈছে যেন অনুভৱ হৈছে৷ যিটো পৰিতাপৰ বিষয়৷ কিয়নো, জাতীয় জীৱনৰ বলিষ্ঠ কণ্ঠবোৰ শক্তিশালী হৈ থকাতো আমি বিচাৰো৷ কিন্তু, একঘেয়ামী কথা-বতৰা, পৌনঃপুনিক কাৰ্য-কলাপে ৰাইজক হতাশ কৰিছে৷ নদীবান্ধ হ’বলৈ দিয়া নহ’ব, আছুৱে নদীবান্ধ নামানে- এইধৰণে সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা এসময়ত হুংকাৰ দিছিল সমুজ্জ্বল ভট্টাচাৰ্যই৷ পিছে এতিয়া সেই হুংকাৰক গুৰুত্বই নিদিলে কেন্দ্ৰ-ৰাজ্য চৰকাৰে৷ আগন্তুক বৰ্ষৰ আগষ্ট মাহৰ পৰা সোৱণশিৰি নদীবান্ধৰ বিদ্যুৎ উৎপাদনৰ কাম আৰম্ভ হ’ব৷ একেদৰে, অসম চুক্তি ৰূপায়ণৰ বিষয়টোতো দশক দশকজুৰি জড়িত হৈ আছে ভট্টাচাৰ্য৷ প্ৰতিখন চৰকাৰৰ দিনতেই আলোচনা হৈছে, সমিতি হৈছে, সীমান্ত পৰিভ্ৰমণ হৈছে৷ অথচ, চুক্তি ৰূপায়ণ চল্লিশ বছৰে নহ’ল৷ এইবেলিও সমুজ্জ্বল ভট্টাচাৰ্যই অসম চুক্তি ৰূপায়ণ বিচাৰি চৰকাৰৰ কাষ চাপিছে৷ প্ৰথম পৰ্যায়ৰ আলোচনাত চুক্তিৰ পাঁচ নম্বৰ দফাৰ কথা আলোচনা হোৱা বুলি সংবাদ মাধ্যমত কোৱা হোৱা নাছিল৷ পাছত ‘আছু’-এ তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পাছত পৰৱৰ্তী আলোচনাসমূহত পাঁচ নম্বৰ দফাৰ বিষয়েও কোৱা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷
এনে বিভ্ৰান্তিকৰ কথা-বতৰাত ৰাইজ আশ্বস্ত হোৱা নাই৷ কিয়নো, ৰাইজে যি দেখিছে সেয়া মাথোঁ ব্যৰ্থতাৰ ইতিহাস৷ একদৰে, অখিল গগৈৰ ক্ষেত্ৰতো অলেখ অভিযোগ শুনা যায়৷ অখিল গগৈৰ আন্দোলনৰ বহুমুখিতাক লৈ ৰাইজ সন্তুষ্ট নহয়৷ ইটো বিষয়ৰ পৰা সিটো বিষয়লৈ ঢপলিয়াই ঢপলিয়াই মিডিয়াৰ মধ্যমণি হৈ থাকিব খোজে অখিল গগৈয়ে৷ এই কথা ৰাইজে কয়৷ লগতে, সংগ্ৰামী জীৱনৰ বহুবছৰৰ পাছতো অসমীয়া মধ্যবিত্ত সমাজখনৰ সৈতে একাত্ম হ’ব পৰা নাই অখিল গগৈ৷ অখিল গগৈয়ে এইক্ষেত্ৰত ক’ত ৰৈ গৈছে অথবা অখিল গগৈৰ ৰণনীতিৰ ক’ত ভুল হৈছে, সেয়া তেওঁ আত্মসমালোচনা কৰা উচিত৷
অসমৰ জাতীয় জীৱনত অখিল গগৈ, সমুজ্জ্বল ভট্টাচাৰ্য দুয়োৰে প্ৰয়োজনীয়তা আছে৷ জাতিৰ প্ৰশ্নত ব্যক্তিগত আখেজ, আত্মঅহংকাৰ, আক্ষেপক একাষৰীয়া কৰি দুয়োগৰাকী নেতাই উমৈহতীয়া বিষয়ত একেখন মঞ্চত থিয় হওক৷ ব্যক্তি আদৰ্শতকৈ জাতীয় আদৰ্শ ঊৰ্ধ্বত- সেই কথাক দুয়োৱে উপলব্ধি কৰি সন্ধিক্ষণৰ জাতিটোক পোহৰৰ বাট দেখুৱাওক৷
Leave A Comment