Entertainment
Digital Desk : A new controversy has erupted between singers Diljit Dosanjh and AP Dhillon. It took centre stage during AP Dhillon's concert in Chandigarh where he accused Diljit of blocking him on Instagram.
গুৱাহাটী : প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু নিৰ্বাচন আয়োগ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মুঠ ভোটাৰৰ সংখ্যা ৮১ লাখ ৯ হাজাৰ ৮১৫ গৰাকী৷ পুৰুষ ভোটাৰৰ সংখ্যা ৪০ লাখ ২২ হাজাৰ ২১০ গৰাকী৷ মহিলা ভোটাৰৰ সংখ্যা ৪০ লাখ ৩২ হাজাৰ ৪৮১ গৰাকী৷ ৬,৪৩৩টা স্থানত হ’ব ১১,৫৩৭টা ভোটকেন্দ্ৰ৷ পুলিং বিষয়া নিয়োগ কৰা হৈছে ২ লাখ ৪১,২৬৯গৰাকী৷
আৰু পঢ়িব পাৰিব : ‘মোক ভোট দিয়ক, পাব হেলিকপ্টাৰ, যাব পাৰিব চন্দ্ৰ ভ্ৰমণলৈ!’
ভোট দিবলৈ মাস্ক পৰিধান কৰি আহিবলৈ আহ্বান জনায় সকলোকে৷ এতিয়ালৈ ২ হাজাৰতকৈ বেছি নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ নিৰ্বাচন আয়োগৰ৷ ইপিনে ৰাজ্যত জব্দ হৈছে ২ কোটি ৯৯ লাখ টকা মূল্যৰ সুৰা৷ বুধবাৰলৈকে জব্দ ৮৭ কোটি ৯৬ লাখ ১৩ হাজাৰ ৭৩২টকাৰ সম্পত্তি৷ ৫,৪০২টা মাৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী-প্ৰশাসনে৷ ড্ৰাগছ জব্দ হৈছে ১০ কোটি টকাৰ৷
আৰু পঢ়িব পাৰিব : ‘লণ্ডন ছিম্ফনী অৰ্কেষ্ট্ৰা’ত জয় বৰুৱাৰ সংগীত, ‘কাঁ’ত স্বীকৃতি
স্পৰ্শকাতৰ ভোটকেন্দ্ৰত নিয়োগ হ’ব আৰক্ষী- অৰ্ধসামৰিক বাহিনী৷ অধিক স্পৰ্শকাতৰ স্থানত দুগুণ বৃদ্ধি কৰা হ'ব নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা৷ আজি অনুষ্ঠিত এক সংবাদমেলত এই সকলোবোৰ কথা সদৰী কৰে নিৰ্বাচন আয়োগে৷
Leave A Comment