comScore
  • সিদ্ধুৱেই প্ৰধান শত্ৰু পঞ্জাব কংগ্ৰেছৰ! এইবাৰ মুখ্যমন্ত্ৰিত্বকেন্দ্ৰিক সংঘাতত দলৰ সভাপতি

    ৰাজনৈতিক
    সিদ্ধুৱেই প্ৰধান শত্ৰু পঞ্জাব কংগ্ৰেছৰ! এইবাৰ মুখ্যমন্ত্ৰিত্বকেন্দ্ৰিক সংঘাতত দলৰ সভাপতি
    ডিজিটেল ডেস্ক : বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। এনে অৱস্থাত এক অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হৈছে পঞ্জাব কংগ্ৰেছৰ ভিতৰচ’ৰাত। এইবাৰো আগৰকেইবাৰৰ দৰে এই অবাঞ্চিত পৰিস্থিতি সৃষ্টি কৰাৰ মূল ভূমিকা গ্ৰহণ কৰিছে দলটোৰ সভাপতি নৱজ্যোৎ সিং সিদ্ধুৱে। ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে মন্তব্য কৰিছিল যে, সিদ্ধু হৈছে অতি স্থিৰতাহীন লোক। তেওঁৰ এই মন্তব্য বাৰম্বাৰ সত্য বুলি সিদ্ধুৱে তেওঁৰ কামৰ জৰিয়তে প্ৰমাণ কৰি আহিছে। বাৰম্বাৰ পঞ্জাব প্ৰদেশ কংগ্ৰেছত অস্থিৰতা সৃষ্টি কৰি আহিছে সিদ্ধুৱে। এইবাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূ্ৰ্বেই তেওঁ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতত লিপ্ত হৈছে আৰু পুনৰ বিতৰ্কৰ কেন্দ্ৰ হৈ পৰিছে। এনে আভ্যন্তৰীণ কলহ আৰু অস্থিৰতাই দলৰ কি ক্ষতি সাধিব পাৰে তালৈ ভ্ৰুক্ষেপ নকৰাকৈ সিদ্ধুৱে কেৱল নিজৰ স্বাৰ্থৰ কথাহে ভবাটোৱে তেওঁৰ ৰাজনৈতিক অপৰিপক্বতাৰো পৰিচায়ক হৈ পৰিছে।

    মূলতঃ সিদ্ধুৰ সৈতে হোৱা সংঘাতৰ বাবেই মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে মুখ্যমন্ত্ৰিত্ব আৰু কংগ্ৰেছ দল দুয়োটা ত্যাগ কৰি নতুন দল ঘোষণা কৰে। বিজেপিৰে মিত্ৰতাৰ জৰিয়তে তেওঁ নিৰ্বাচনত অৱতীৰ্ণও হৈছে। তেওঁ নিৰ্বাচনত খুব প্ৰভাৱশালী ভূমিকা গ্ৰহণ কৰিব নোৱাৰিলেও কংগ্ৰেছ দলৰ ভাৱমূৰ্তি বিনষ্ট কৰাত তেওঁৰ এটা ভূমিকা নিশ্চয় থাকিব আৰু ইয়াৰ ফলত আম আদমী পাৰ্টী ৰাজ্যখনত উপকৃত হৈছে। পঞ্জাবৰ দৰে গুৰুত্বপূৰ্ণ ৰাজ্য এখনত কংগ্ৰেছে নিজৰ ক্ষমতা ধৰি ৰাখিব নোৱাৰিলে এয়া দলটোৰ বাবে বৃহৎ ক্ষতি হিচাপে বিবেচিত হ’ব। সিদ্ধুৱে প্ৰথমে অমৰিন্দৰ সিং আৰু এতিয়া চৰনজিৎ সিং চন্নীৰ সৈতে সংঘাতত লিপ্ত হৈছে আৰু কংগ্ৰেছৰ বাবে ঘৰ বিভীষণত পৰিণত হৈছে।

    মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীত্বকেন্দ্ৰিক দৌৰত সিদ্ধুও যে এজন প্ৰতিযোগী সেইকথা তেওঁ স্পষ্টকৈয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। তেওঁ শেহতীয়াকৈ সমালোচনাৰ সন্মুখীন হৈ মন্তব্য কৰিছে যে, মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী সম্পৰ্কত দলৰ নেতা ৰাহুল গান্ধীয়ে যি সিদ্ধান্ত লয় সেই সিদ্ধান্ত তেওঁ মানি ল’ব। কিন্তু এদিন আগেয়ে সিদ্ধুৱে মন্তব্য কৰিছিল যে, তেওঁ সহ-অভিনেতা বা ছাপ’ৰ্টিং এক্টৰ নহয়। অৰ্থাৎ তেওঁ স্পষ্টকৈ কৈছিল যে, মুখ্যমন্ত্ৰীৰ আসনৰ বাবে তেওঁ লক্ষ্য স্থিৰ কৰিছে। এখন ৰাজ্যৰ শাসকীয় দলৰ সভাপতি এগৰাকীয়ে এনে মন্তব্য কৰাটো নিশ্চয় শোভাদায়ক কথা নহয়। কিয়নো দলটোৰ প্ৰথম লক্ষ্য হোৱা উচিত আছিল শাসন নিজৰ হাতৰ মুঠিত ৰখা। বহিঃশত্ৰুৰ কথা পাহৰি গৈ দলৰ ভিতৰতে ভিন ভিন কাৰণত যুঁজ-বাগৰ কৰি থকা সিদ্ধুৰ এই স্বভাৱেই যে এদিন দলটোৰ পতন মাতিব সেইকথা এতিয়া স্পষ্ট হৈ পৰিছে। আৰু নৱজ্যোৎ সিং সিদ্ধুৱে তেওঁৰ অদক্ষতা আৰু অস্থিৰ চৰিত্ৰৰ কথা বাৰম্বাৰ প্ৰমাণ কৰি দিছে।
    scatter hitamslot thailandmpo slotsv388mahjong ways 2slot777https://www.satudatadesa.com/link agen sbobet loginLink Agen Sabung Ayam OnlineMix ParlaySlot88SV388Agen SBOBETSlot777 Scatter HitamSabung Ayam Wala MeronAgen Mix ParlayScatter Hitamslot gacorsabung ayam onlineindojawa88sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388agen sbobet situs sabung ayam situs scatter hitam agen bola scatter hitam mahjong sabung ayam online 24 jam mix parlay slot terpercaya bandar sabung ayam sbobet88 situs sabung ayam