• সেউজীয়া চাদৰ-মেখেলা পৰিধান কৰি হাতত মৰাপাটৰ বেগ লৈ বাজেট দাখিল প্ৰথম মহিলা বিত্তমন্ত্ৰীৰ

    ৰাজনৈতিক
    সেউজীয়া চাদৰ-মেখেলা পৰিধান কৰি হাতত মৰাপাটৰ বেগ লৈ বাজেট দাখিল প্ৰথম মহিলা বিত্তমন্ত্ৰীৰ

    গুৱাহাটী : সেউজীয়া চাদৰ-মেখেলা পৰিধান কৰি হাতত মৰাপাটৰ বেগ লৈ মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীৰ সৈতে সদনত প্ৰৱেশ অজন্তা নেওগৰ৷ অসম বিধানসভাত ২০২১-২২ বৰ্ষৰ বাজেট দাখিল কৰে আজি৷ ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট দাখিল৷ বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰে প্ৰথমখন বাজেট৷ বাজেট দাখিল কৰা প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগ৷





    ক’ভিড পৰিস্থিতিয়ে অসমৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলাইছে৷ বিৰোধীৰ সহায়-সহযোগিতা কামনা চৰকাৰৰ৷ বিস্তৃত লক্ষ্যৰে আত্মনিৰ্ভৰ অসমৰ শ্ল’গান৷ ৫ বছৰীয়া কাৰ্যকালত বাজেট প্ৰস্তাৱ গ্ৰহণ কৰা হ’ব৷ শান্তি অবিহনে উন্নয়নমূলক কাম কৰাটো সম্ভৱ নহয়৷ ক’ভিড জয়ৰ বাবে ধনৰ যোগান চৰকাৰৰ প্ৰধান দায়িত্ব৷ টিকাকৰণ গণ আন্দোলনলৈ ৰূপান্তৰ কৰা হ’ব৷ মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি দিছে জনগণে৷