• সোণোৱালে দিলে মনোনয়ন পত্ৰ : বিচাৰিলে ৰাজ্যবাসীৰ আশীৰ্বাদ !

    ৰাজনৈতিক
    সোণোৱালে দিলে মনোনয়ন পত্ৰ : বিচাৰিলে ৰাজ্যবাসীৰ আশীৰ্বাদ !

    গুৱাহাটী: ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত পুনৰ এক আলোড়নৰ সৃষ্টি কৰি আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি দাখিল কৰিলে মনোনয়ন-পত্ৰ৷ মনোনয়ন-পত্ৰ প্ৰদানৰ সময়ত মন্ত্ৰীগৰাকীক সংগ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাসহ কেইবাজনো মন্ত্ৰীয়ে৷





    মনোনয়ন-পত্ৰ প্ৰদানৰ সময়ত সৰ্বানন্দ সোণোৱাল




    সোণোৱালৰ মনোনয়ন-পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা, প্ৰমোদ বড়োসহ মিত্ৰদলৰ নেতৃত্বও৷ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ প্ৰায় সম্ভাৱনা থকা সোণোৱালে মনোনয়নৰ সময়ত অসমৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিলে৷ বহু চৰ্চিত মাজুলী বিষয়টোক লৈ সোণোৱালে “মাজুলীৰ সম্পৰ্কত সময়ত দলে সিদ্ধান্ত ল’ব”- বুলিও মতপোষণ কৰে৷





    মনোনয়ন-পত্ৰ প্ৰদানৰ সময়ত সৰ্বানন্দ সোণোৱাল




    উল্লেখ্য যে, ৪ অক্টোবৰত অসমৰ এখন আসনৰ বাবে হ’বলগীয়া ৰাজ্যসভাৰ নির্বাচনত বিজেপিয়ে সোণোৱালক প্রার্থিত্ব দিছে৷ বৰ্তমানৰ সাংসদ বিশ্বজিৎ দৈমাৰীক অধ্যক্ষ হিচাপে অসম বিধানসভালৈ নিৰ্বাচন কৰাৰ পাছত উচ্চ সদনৰ আসনখন খালী হৈ পৰিছিল। সেই আসনৰ বাবে সৰ্বানন্দ সোণোৱালে ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ প্ৰতিদ্বন্দিতাত নামিব।