National
গুৱাহাটী : অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি অন্তিম দিন৷ অন্তিম দিনাৰ অধিৱেশন অনুষ্ঠিত হয় বিধানসভাৰ নতুন ভৱনত। আজি পোনতে বিধানসভাৰ নতুন ভৱন মুকলি কৰে অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ প্ৰথম কাৰ্যকালৰ এইখন আছিল অন্তিম অধিৱেশন৷ আজি অন্তিম দিনাৰ কাৰ্যসূচীত ৰাজ্যপালৰ ভাষণ বিতৰ্কত বক্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সোণোৱালে৷
আৰু পঢ়িব পাৰিব :ঘূৰাই দিয়া হ’ব জম্মু আৰু কাশ্মীৰৰ ৰাজ্যৰ মৰ্যাদা!
চৰকাৰৰ সফলতাৰ কথা প্ৰকাশ কৰি তেওঁ কয়, ‘কালি এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ উল্লেখেৰে চৰকাৰক সমালোচনা কৰা হৈছিল৷ মই প্ৰশ্নকাকত ফাদিল হোৱাৰ ১৫ মিনিটৰ ভিতৰত পৰীক্ষা বন্ধ কৰিছিলোঁ৷ তদন্তৰ নিৰ্দেশ দিছিলোঁ৷’ কম সময়ৰ ভিতৰত তদন্ত কৰি অভিযোগনামা দাখিল কৰা বুলিও তেওঁ মন্তব্য কৰে৷
আৰু পঢ়িব পাৰিব :‘কৃষি আইনৰ জৰিয়তে ৪০শতাংশ লোকৰ ব্যৱসায় দুজন মানুহলৈ যাব’
সদনত মুখ্যমন্ত্ৰীয়ে বিজেপি চৰকাৰৰ জয়গান কৰি কয় যে, বিজেপিৰ প্ৰধান লক্ষ্য হৈছে বৰাক-ব্ৰহ্মপুত্ৰত সমন্বয়ৰ সৃষ্টি কৰা৷ স্বাস্থ্য বিভাগৰ লগতে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসা কৰে মুখ্যমন্ত্ৰীয়ে৷ 'কৃষি খণ্ডত নিয়োজিত হোৱাৰ বাবে উচ্চ শিক্ষিতসকল আগুৱাই আহিছে৷ বিশ্ব বিনিয়োগ সন্মিলন আয়োজনত আমি সফল হৈছোঁ৷ ভাৰত-বাংলাদেশ সীমান্তৰ ৪৮ কিলোমিটাৰত ছেনছৰ স্থাপন কৰা হৈছে' বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
Leave A Comment