• হিমন্তক আজমলৰ মুকলি প্ৰত্যাহ্বান: ‘বাধা দিলেও অসমৰ গাঁৱে-ভূঞে হ’ব আজমলৰ কলেজ'

    ৰাজনৈতিক
    হিমন্তক আজমলৰ মুকলি প্ৰত্যাহ্বান: ‘বাধা দিলেও অসমৰ গাঁৱে-ভূঞে হ’ব আজমলৰ কলেজ'

    গুৱাহাটী : স্বাস্থ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলৰ৷ হিমন্তক ৰুধিবলৈ গাঁৱে-ভূঞে কলেজ খুলিব আজমলে। ৰাজনীতিৰ আগ্ৰাসনৰ বাবে শিক্ষানীতিৰ আশ্ৰয় ল’ব আজমলে। ৰাজ্যত নিৰ্বাচনী ৰণদুন্দুভি বাজি উঠাৰ সময়তে এই মুকলি হুংকাৰ এআইইউডিএফৰ মুখ্য বদৰুদ্দিন আজমলৰ।





    আৰু পঢ়িব পাৰিব : অসমৰ ছজনকৈ প্ৰব্ৰজিত শ্ৰমিকৰ মেঘালয়ত মৃত্যু





    আজমলৰ কলেজক লৈ হিমন্তৰ আপত্তি কিয় বুলি প্ৰশ্ন তেওঁৰ৷ বৰ্তমান অসমত ৪৮খন আজমলৰ কলেজ আছে বাধা দিলে অসমৰ গাঁৱে-ভূঞে হ’ব আজমলৰ কলেজ বুলি সকীয়াই দিলে তেওঁ৷ ইপিনে ‘কা’বিৰোধী প্ৰতিটো দলক মিত্ৰতাবদ্ধ হ’বলৈ আহ্বান আজমলৰ।





    আৰু পঢ়িব পাৰিব : হৃদয় বিদাৰক ! দেৱ শিশুক পুখুৰীত দলিয়াই হত্যা পিতৃ-মাতৃৰ





    আনহাতে এআইইউডিএফ থকালৈ ৰাষ্টীয় নাগৰিকপঞ্জীত খিলঞ্জীয়াৰ নাম কৰ্তন হ’বলৈ নিদিয়াৰ হুংকাৰ আজমলৰ। নিৰ্বাচনৰ সময়ত এনেদৰে নিজ সংসদীয় সমষ্টি ধুবুৰীত বিজেপিৰ বিৰুদ্ধে সৰব হৈছে আজমল৷