North East
নতুন দিল্লী : জম্মু-কাশ্মীৰত পুনৰ ড্ৰোনৰ উৰণ। সন্ত্ৰাসজৰ্জৰ অঞ্চলটোত শত্ৰুৰ ড্ৰোন এতিয়া নতুন প্ৰত্যাহ্বানত পৰিণত হৈছে। বায়ুসেনাৰ ঘাটীত ড্ৰোন আক্ৰমণ সংঘটিত কৰাৰ লগতে পাক সন্ত্ৰাসবাদীয়ে সঘনে ড্ৰোনৰ জৰিয়তে অঞ্চলটোত সন্ত্ৰাসবাদ বিয়পোৱাৰ চেষ্টা অব্যাহত ৰাখিছে।
মঙলবাৰে মাজনিশা জম্মু-কাশ্মীৰৰ আৰনিয়া এলেকাত পুনৰ ড্ৰোনৰ গতিবিধি ধৰা পৰে। ভাৰতীয় ভূখণ্ডৰ ১০০-১৫০ মিটাৰ ভিতৰত দেখা যায় ড্ৰোনৰ উৰণ। সন্দেহজনক এই উৰণ ধৰা পৰাৰ লগে লগে বিএছএফে গুলীচালনা কৰে আৰু ড্ৰোনখন আঁতৰি যায়। বিগত ১৫ দিনত এনে সন্দেহজনক ড্ৰোনৰ ৬ষ্ঠটো গতিবিধি ধৰা পৰিল উপত্যকাটোত। পাকিস্তানৰ এই নতুন ষড়যন্ত্ৰই এতিয়া অঞ্চলটোত নিৰাপত্তা বাহিনীক অধিক সতৰ্ক থাকিবলৈ বাধ্য কৰিছে।
Leave A Comment