ডিজিটেল ডেস্কঃ
সমাগত ৰাজ্যসভাৰ নিৰ্বাচন। ৰাজ্যসভাৰ দ্বিতীয়খন আসনক লৈ টনা–আঁজোৰা বিৰোধী কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত। AIUDFৰ স্থিতি স্পষ্ট, আমি পূৰ্বৰে পৰা বহুখিনি ত্যাগ কৰিলো, এইবাৰ আমাক এটা সুযোগ দিয়ক ৰাজ্যসভাৰ দ্বিতীয়খন আসনত প্ৰতিদ্বন্দিতা কৰিবলৈ। শাসক–বিৰোধী সকলোৰে শেন চকু ৰাজ্যসভাৰ দ্বিতীয়খন আসনক লৈ।
শাসক পক্ষ বিজেপিয়ে দুয়োখন আসনতে নিজৰ প্ৰাৰ্থিত্ব দিব বুলি নিশ্চয়তা দিছে। কংগ্ৰেছেও দ্বিতীয়খন আসনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থিত্ব দিব বুলি ঘোষণা কৰিছে। সেয়ে ৰাজ্য সভাৰ নিৰ্বাচনক লৈ দিছপুৰত জমি উঠিছে ৰাজনৈতিক অংক। সুযোগৰ অপেক্ষাত আছে বিৰোধী দল এআইইউডিএফ।
ইয়াৰ মাজতে, দিছপুৰত আজি এআইউডিএফৰে প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া। আজি সন্ধিয়া ভাগত বিৰোধী দলৰ দলপতিগৰাকী উপস্থিত হয় বদৰুদ্দিন আজমলৰ বাসগৃহত। আলোচনাৰ অন্তত আমিনুল ইছলামে সংবাদ মাধ্যমৰ আগত কয় যে, এইবাৰ ৰাজ্যসভাৰ প্ৰাৰ্থী এআইইউডিএফৰ হোৱাটো বিচাৰে । তেওঁ লগতে কয় যে,
কংগ্ৰেছৰ দুই এজনে প্ৰাৰ্থীত্ব বিচাৰিছে যদিও সেয়া তেওঁলোকৰ ব্যক্তিগত কথা। কিন্তু দলীয় ভাবে হোৱা আলোচনাত কেৱল আমাৰ দলৰ প্ৰাৰ্থী দিয়াৰ সন্দৰ্ভত আলোচনা চলিছে।
ইফালে, বিৰোধী দলপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, বিজেপি বিৰোধী শক্তি এক হোৱাটো বিচাৰে দলপতি গৰাকীয়ে। এআইউডিএফ ৰে আলোচনা চলিছে। প্ৰাৰ্থী সন্দৰ্ভত পিছলৈ বিবেচনা কৰা হব। মাজুলী উপ নিৰ্বাচনত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ প্ৰতি সমৰ্থন থাকিব কংগ্ৰেছৰ।
Leave A Comment