• ‘অখিলৰ কাষত থিয় হওক অসমৰ ৰাইজ’ ৰাষ্ট্ৰীয় নেতাৰ আহ্বান

    ৰাজনৈতিক
    ‘অখিলৰ কাষত থিয় হওক অসমৰ ৰাইজ’ ৰাষ্ট্ৰীয় নেতাৰ আহ্বান

    গুৱাহাটী : ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে অখিল গগৈ! অখিলক সহায় কৰিবলৈ অসমৰ ৰাইজক আহ্বান মধ্যপ্রদেশৰ প্ৰাক্তন বিধায়ক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃষক নেতা ড০ সুনীলম আৰু বিশিষ্ট সমাজকৰ্মী যোগেন্দ্ৰ যাদৱৰ৷ দেওবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অখিল গগৈক সাক্ষাৎ কৰে যোগেন্দ্ৰ যাদৱ আৰু ড০ সুনীলমে।





    আৰু পঢ়িব পাৰিব :আম্বানীলৈ ভাবুকি! নিয়াৰ জালত আৰক্ষীৰ সহকাৰী পৰিদৰ্শক





    সংযুক্ত কিষাণ মৰ্চাৰ প্ৰতিনিধি হিচাপে অখিল গগৈক সাক্ষাৎ কৰিলে দুয়োগৰাকী নেতাই৷ অখিল গগৈক সাক্ষাতৰ পাছতে ৰাইজলৈ আহ্বান মধ্যপ্রদেশৰ প্ৰাক্তন বিধায়ক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃষক নেতা ড০ সুনীলমৰ, ‘অসমৰ ৰাইজ অখিলৰ হৈ ঠিয় হওক৷’





    আৰু পঢ়িব পাৰিব :অসমত প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ মাৰাথন প্ৰচাৰ





    আনহাতে ভুৱা গোচৰত অখিল গগৈক কাৰাবন্দী কৰি ৰখাক লৈ বিজেপিক কঠোৰ সমালোচনা কৰে যোগেন্দ্ৰ যাদৱে।