• ‘কা’ বাতিলৰ গোচৰ আৰু ড° ভট্টাচাৰ্য, অতুল বৰাৰ নীৰৱতা

    ৰাজনৈতিক
    ‘কা’ বাতিলৰ গোচৰ আৰু ড° ভট্টাচাৰ্য, অতুল বৰাৰ নীৰৱতা

    ডিজিটেল ডেস্ক: জাতিসত্তাৰ আসন্ন সংকটৰ উমান পাই অসমত গঢ়ি উঠিছিল জনজাগৰণ৷ অসমবাসীৰ স্বতঃস্ফূৰ্ত সঁহাৰিৰে অসমৰ ছাত্ৰসমাজৰ উদ্যোগত আৰম্ভ হৈছিল এখন মহাসংগ্ৰাম৷ পোনতে ‘কটন বিশ্ববিদ্যালয়’ৰ ছাত্ৰসমাজৰ পৰা আহিছিল ৰণ হুংকাৰ৷ পাছলৈ কটনৰ পাছে পাছে গুৱাহাটী বিশ্ববিদ্যালয়,  ডিব্ৰুগড় বিশ্ববিদ্যালয়,  তেজপুৰ বিশ্ববিদ্যালয় আৰু অসমৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে আগুৱাই নিছিল 'কা' বিৰোধী আন্দোলন৷ ভোকে-লঘোণে ৰাজপথ পাইছিল অসমৰ শত-সহস্ৰ ছাত্ৰকণ্ঠ৷ মহাসংগ্ৰামৰ দাবানলে ৰঙা কৰিছিল অসমৰ আকাশ-বতাহ৷ ছাত্ৰসমাজে আগবাঢ়ি অহাত ৰৈ থকা নাছিল অসমৰ ৰাইজ৷









    আন্দোলন চলিছিল৷ উত্তাল হৈছিল ৰাজপথ৷ এনে কোনো অসমীয়া নাছিল, যি ঘৰৰ পৰা ওলাই অহা নাছিল৷ গুৱাহাটী মহানগৰীকে ধৰি মফচলীয় অঞ্চলতো ওলাই আহিছিল ৰাইজ৷ নলবাৰী, বৰপেটা, যোৰহাট, তেজপুৰ, ডিব্ৰুগড়, লখিমপুৰ কোনো এটা প্ৰান্তই বাদ পৰি ৰোৱা নাছিল৷ জননী জন্মভূমিৰ আকুল আহ্বানত ৰৈ থকা নাছিল কোনেও৷









    সময় বাগৰিল৷ দুটা বছৰ পাৰ হ’ল৷ তথাপি, নাগৰিকত্ব (সংশোধনী) বিধেয়ক- ২০১৯ বিৰোধী সেই মহাসংগ্ৰামৰ কথা কোনো অসমীয়াই পাহৰিব পৰা নাই৷ কস্মিনকালেও পাহৰিব নোৱাৰে৷ এটা শিহৰণ হৈ আজিও অসমীয়াৰ বুকুৱে সঞ্চাৰিত হৈ আছে কেব বিৰোধী আন্দোলনৰ স্মৃতিবোৰ৷ ২০১৯ চনৰ ১১ ডিচেম্বৰ৷ এই দিনটোতেই ৰাজ্যসভাত গৃহীত হৈছিল 'CAB',  তাৰ পাছত সেই বিধেয়ক আইনত পৰিণত হৈছিল৷ ৰাজ্যসভাত দিনত অসমীয়াতে ‘কেব’বিৰোধী ভাষণ দি ৰাতি কেবৰ সমৰ্থনত ভোট দিছিল একমাত্ৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই৷ ৰাজ্যজুৰি উঠিছিল ধিক্কাৰধ্বনি৷ গঞ্জনাৰ সন্মুখীন হৈছিল অসম গণ পৰিষদ৷ বিশ্বাসঘাতক, প্ৰতাৰক আখ্যাৰে অগপক অসমৰ ৰাইজে ঘৃণাৰে ওপচাই দিছিল৷ কটন বিশ্ববিদ্যালয়ত ‘কা আন্দোলন’ত বহিবলৈ চকী দিয়া হোৱা নাছিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক৷ পাছলৈ মহন্তই কা বিৰোধিতা কৰি দলৰ মজিয়াতে একাষৰীয়া হৈ পৰিছিল৷ ৰাইজৰ ক্ষোভ আৰু গঞ্জনাৰ পাছত অসম গণ পৰিষদে ১৫ ডিচেম্বৰ, ২০১৯ত 'কা'ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথা ঘোষণা কৰিছিল৷ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল অসম গণ পৰিষদ৷









    একেদৰেই, 'কা'ৰ বিৰুদ্ধে আইনী যুঁজ চলাম বুলি অসমবাসীক প্ৰতিশ্ৰুতি দি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথা অৱগত কৰিছিল সদৌ অসম ছাত্ৰ সন্থাই৷ উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিল আছুৱেও৷ ‘কা’ বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই উচ্চতম ন্যায়ালয়ত গোচৰ তৰা বুলি সদৰী কৰিছিল৷ ছাত্ৰ সন্থাৰ হৈ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্যৰ নেতৃত্বত আছুৱে উচ্চতম ন্যায়ালয়ৰ কাষ চপা বুলি অসমবাসীয়ে জানিব পাৰিছিল৷ চানমাৰি খেলপথাৰত ভট্টাচাৰ্যই মুকলিকৈ সেই ঘোষণা কৰিছিল৷









    আজি কা গৃহীত হোৱাৰ দুটা বছৰ পাৰ হ'ল৷ জানিব পৰা মতে, উচ্চতম ন্যায়ালয়ে কা সম্পৰ্কত কেৰালা আৰু ৰাজস্থানৰ পৰা তৰা গোচৰৰ বাবেহে কাৰ বিধি প্ৰস্তুত কৰিব পৰা নাই কেন্দ্ৰীয় চৰকাৰে৷ এই পৰিপ্ৰেক্ষিতত অসমবাসীৰ মনত উকমুকাইছে সাঁথৰ সাঁথৰ লগা বহু প্ৰশ্ন৷









    যদি কেৰালা আৰু ৰাজস্থানৰ গোচৰৰ বাবেহে কা গৃহীত হৈয়ো বলবৎ হোৱা নাই,  তেন্তে উচ্চতম ন্যায়ালয়ৰ মজিয়াত অসমৰ পৰা তৰা গোচৰসমূহৰ বৰ্তমানৰ স্থিতি কি?  দুবছৰে কা সংক্ৰান্তত অসমৰ পৰা তৰা অগপ আৰু আছুৰ গোচৰ গুৰুত্বহীন হৈ পৰিছে নেকি ন্যায়ালয়ৰ মজিয়াত?  অসমবাসীয়ে আছুৱে তৰা গোচৰৰ শুনানি কেতিয়া হৈছে,  হৈছে নে হোৱা নাই সেয়াও স্পষ্টকৈ জনা নাই৷ আছুৱে কাৰ সময়ত তৰা কা বাতিলৰ গোচৰ পুনৰ পৰ্যালোচনাৰ বাবে আৱেদন কৰিছেনে?  এই সম্পৰ্কত কি স্থিতি সদৌ অসম ছাত্ৰ সন্থাৰ?  কা গৃহীত হোৱাৰ দুবছৰৰ দিনটোতেই এই কথা অসমবাসীক স্পষ্টকৈ জনাওক আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে৷ একেদৰে, অগপয়ো তেওঁলোকৰ গোচৰৰ স্থিতি সম্পৰ্কে ৰাইজক অৱগত কৰাওক৷ অগপই কা বাতিলৰ দাবীত তৰা গোচৰ সংক্ৰান্তত কি ক'ব অতুল বৰাই?









    ৰাইজক পণবন্দী কৰি মৌলিক প্ৰশ্নবোৰৰ পৰা আঁতৰি সুবিধাজনক স্থিতি ন’লৈ কথাবোৰ,  প্ৰসংগবোৰ স্পষ্ট কৰালৈ বাট চাইছে অসমবাসীয়ে৷