International
Digital Desk : Prime Minister Narendra Modi on Saturday arrived in Kuwait for a 2-day visit. His visit will strengthen the India-Kuwait friendship across various sectors. He thanked the Gulf country and expressed
চিৰাং : চিৰাঙৰ ছাতিপুৰ গাঁওত থকা কোঁচ-ৰাজবংশী নেতা অনন্ত ৰায়ৰ ঘৰত আলোচনাৰ অন্তত পোনে পোনে হেলিকপ্টাৰেৰে কোচবিহাৰলৈ ৰাওনা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গৃহমন্ত্ৰীৰে আলোচনাৰ সময়ত গ্ৰেটাৰ কোচবিহাৰ পিপলছ এছ’চিয়েচনৰ সভাপতি নিৰ্মল ৰায়, সম্পাদিকা নমিতা বৰ্মন, কাৰ্যাহলয় সচিব পৰেশ বৰ্মন, সাংস্কৃতিক সম্পাদক ধনঞ্জয় ৰায়, সহকাৰী সম্পাদক মিথুন বৰ্মন, প্ৰতিষ্ঠাপক অনন্ত ৰায় লগতে উপস্থিত থাকে অসমৰ স্বাস্থ্য, বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিৰক বিজেপিৰ সভাপতি ৰঞ্জিত দাসকে ধৰি আন একাধিক বিজেপি নেতা।
আৰু পঢ়িব পাৰিব : জন আব্ৰাহামে মুকলি কৰিলে ‘এক ভিলেইন ৰিটাৰ্নছ’ৰ পোষ্টাৰ
প্ৰায় এঘন্টা ধৰি ৰায়ৰ সৈতে আলোচনাত মিলিত হয় গৃহমন্ত্ৰী শ্বাহ। আলোচনাত ৰাজনৈতিক বিষয়ৰ ওপৰত কি কি আলোচনা হৈছে সেই বিষয়ে প্ৰকাশ কৰাৰ পৰা বিৰত থাকিলেও অনন্ত ৰায়ে কয় যে, ‘কোচ-ৰাজবংশীসকলৰ ভাল দিন আহি আছে।’ কোচ ৰাজবংশীসকলৰ অপূৰ্ণ হৈ থকা দাবীসমূহ পূৰণ কৰা সম্পৰ্কত আলোচনা হৈছে বুলিও প্ৰকাশ কৰে অনন্ত ৰায়ে।
আৰু পঢ়িব পাৰিব : ছ’চিয়েল মিডিয়াৰ বিৰুদ্ধে কঠোৰ কেন্দ্ৰ, ব্যৱস্থা গ্ৰহণক হুংকাৰ
তদুপৰি কোচ-ৰাজবংশীসকলৰ বাবে পেকেজ ঘোষণা কৰাৰ কথাও তেওঁ সদৰী কৰে। আলোচনাত চৰকাৰ আহিলে কোচ-ৰাজবংশীসকলৰ সকলো দাবী পূৰণ কৰাৰ আশ্বাস দিয়ে অমিত শ্বাহে। ৰাজবংশীৰ ভূমিত ৰাজবংশীসকল বহিৰাগত নহয় বুলিও তেওঁ মন্তব্য কৰাৰ কথা সংবাদ মাধ্যমৰ আগত অনন্ত ৰায়ে সদৰী কৰে।
Leave A Comment