• ‘বিজেপিয়ে যেনেকৈ ভোট ল'ব তেনেকৈ প্ৰতিদান দিব ভোটাৰক...’ প্ৰতিশ্ৰুতিৰ তালিকা দীঘল মুখ্যমন্ত্ৰীৰ!

    ৰাজনৈতিক
    ‘বিজেপিয়ে যেনেকৈ ভোট ল'ব তেনেকৈ প্ৰতিদান দিব ভোটাৰক...’ প্ৰতিশ্ৰুতিৰ তালিকা দীঘল মুখ্যমন্ত্ৰীৰ!

    শিৱসাগৰ : উপ-নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন৷ নিৰ্বাচনী প্ৰচাৰৰ বাবে সমষ্টিয়ে সমষ্টিয়ে এতিয়া মন্ত্ৰী-নেতাৰ ভিৰ৷ 'বিজেপিয়ে যেনেকৈ ভোটাৰৰ পৰা ভোট লয়, তেনেকৈ ভোটাৰক উন্নয়নৰ লেখেৰে সেয়া ঘূৰায়ো দিয়ে৷' শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিত উন্নয়নৰ প্ৰতিশ্ৰুতি দি নিৰ্বাচনী প্ৰচাৰত আজি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই৷






    খামুন ৰংগমঞ্চত প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ হৈ প্ৰচাৰ চলায়৷ এই প্ৰচাৰ অভিযানত ভোটাৰক আকৰ্ষণৰ চেষ্টাৰে দিয়ে বহু প্ৰতিশ্ৰুতি তালিকা৷ থাওৰা সমষ্টিত অনাগত ৩ মাহৰ ভিতৰত অতিৰিক্তভাবে ৫ হাজাৰ লোকক অৰুণোদয় আঁচনিত সামৰি লোৱাৰ লগতে চৰকাৰৰ বৰ্ষপূৰ্তিৰ পূৰ্বেই এক লাখ নিৱনুৱাক চাকৰি দিয়া হ'ব বুলি ঘোষণা কৰে৷






    তদুপৰি সমাগত দিনত থাওৰা সমষ্টিত চিকিৎসা মহাবিদ্যালয় হোৱাৰ লগতে মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ কাম নৱেম্বৰ মাহৰ পৰা শিৱসাগৰৰ পৰা আৰম্ভ কৰা হ'ব বুলিও তেওঁ ঘোষণা কৰে৷ থাওৰা সমষ্টিৰ দিচাং নদীৰ ওপৰত নঙলামৰা আৰু লাখমণি ঘাটত দুখন দলঙৰ কাম তিনিমাহৰ ভিতৰত আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতিও দিয়ে এই সভাত৷
    আনহাতে, নেমুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কলা আৰু বাণিজ্য শাখাৰ আৰম্ভ কৰা হ'ব বুলিও প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ ৷ বৰদেওধাই শাললৈ ১ কোটি টকাৰ অনুদান, বাখৰবেঙেনা বৃক্ষলৈ ৫০ লাখ টকাৰ অনুদানো তেওঁ ঘোষণা কৰে। লগতে দুয়োটা স্থানক পৰ্যটনক্ষেত্ৰ কৰাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে৷