International
মৰিয়নি : 'মোৰ আজি বুকু ভাগি গৈছে। সিনো কি জগৰ লগালে? চোৰ কৰিছিল নে ডকাইত কৰিছিল।তাক একেবাৰে মাৰি পেলাওক।সি কেতিয়াও মাওবাদী নহয়।তেওঁলোক হে মাওবাদী সজাইছে তাক৷' এই কাতৰ বিননি এগৰাকী মাতৃৰ। এবছৰে কাৰাবন্দী হৈ থকা অখিল গগৈৰ জামিন আজি গুৱাহাটী উচ্চ ন্যায়লয়ে নাকচ কৰাৰ খবৰ পোৱা মাত্ৰকে পুত্ৰৰ মুক্তিৰ আশাৰে বাট চাই ৰোৱা মাতৃ প্ৰিয়দা গগৈয়ে এনেদৰে কান্দোনত ভাগি পৰে।
আৰু পঢ়িব পাৰিব : আন এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা, প্ৰাক্তন মন্ত্ৰীৰ মৃত্যু
এবছৰ কাৰাবন্দী হৈ থকা পাছত আজি কৃষক নেতাগৰাকী কাৰাগাৰৰ চাৰিবেৰৰ পৰা মুকলি আকাশৰ তললৈ আহিব বুলি কৃষক মুক্তিৰ সদস্য তথা অখিল গগৈৰ অনুৰাগীসকলৰ লগতে মাতৃয়েও পৰম আশাৰে বাট চাই আছিল। আজি পুৱা গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈৰ জামিন নাকচৰ খবৰ পোৱা পাছতে মাতৃ প্ৰিয়দা গগৈ অসুস্থ হৈ পৰাৰ লগতে কান্দোনত ভাগি পৰে।
আৰু পঢ়িব পাৰিব : ট্ৰাম্প সমৰ্থকৰ হিংসা : আমেৰিকাৰ সংসদৰ বাহিৰত ৪জনৰ মৃত্যু, আটক ৫২
সাংবাদিকৰ আগত অখিল মাতৃয়ে কয়, ‘মোৰ আজি বুকু ভাগি গৈছে। সিনো কি জগৰ লগালে?’ বুলি কৈ কান্দোনত ভাগি পৰে অখিল মাতৃ। উল্লেখ্যে যে, দুদিন পূৰ্বে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে ৰুগীয়া দেহাৰে চেলেংহাট লুসুৰাখন গাঁৱৰ নামঘৰৰ গুৰু আসনৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি পুত্ৰৰ কাৰামুক্তিৰ কামনা কৰিছিল।
Leave A Comment