Entertainment
Digital Desk : A new controversy has erupted between singers Diljit Dosanjh and AP Dhillon. It took centre stage during AP Dhillon's concert in Chandigarh where he accused Diljit of blocking him on Instagram.
নলবাৰী : আজি পুনৰ অসমত নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে৷ দলীয় প্ৰাৰ্থীৰ হৈ নলবাৰী-ধুবুৰী আৰু গৌৰীপুৰত অংশ ল’লে নিৰ্বাচনী সভাত৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আজি প্ৰচাৰ অভিযানৰ অন্তিমটো দিনত প্ৰচাৰ চলালে মন্ত্ৰী ইৰাণীয়ে৷
আৰু পঢ়িব পাৰিব : বিক্ৰী কৰা নাই! ৰাজহুৱা খণ্ডৰ অধীনতেই এনআৰএল
নলবাৰীত নাৰায়ণ ডেকাৰ হৈ, গৌৰীপুৰত বনেন্দ্ৰ কুমাৰ মুছাহাৰীৰ হৈ আৰু ধুবুৰীত দেৱময় সন্যালৰ হৈ চলালে প্ৰচাৰ৷ এই প্ৰচাৰ অভিযানত কংগ্ৰেছ দলৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে স্মৃতি ইৰাণী৷ ‘শৌচাগাৰ নিৰ্মাণ কৰিব নোৱাৰা কংগ্ৰেছে কি উন্নয়ন কৰিব’- বুলি কটাক্ষ কৰে কংগ্ৰেছক৷
আৰু পঢ়িব পাৰিব : মহিলাসকলৰ বাবে সুখবৰঃ বিজেপি চৰকাৰ আহিলে মাফ হ’ব বেংকৰ ঋণ
ইয়াৰ উপৰি ‘হত্যা-লুণ্ঠনৰ আন এক নাম কংগ্ৰেছ’- বুলি কোৱাৰ লগতে কংগ্ৰেছে ২,৫০,০০০ লাখ ভুৱা ৰেচন কাৰ্ড বনাই দুখীয়াক লুণ্ঠন কৰিছে বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে।
Leave A Comment