গোলাঘাট : নিৰ্বাচনী প্ৰচাৰৰ মাজতে ‘অসম জাতীয় পৰিষদ’ত বৃহৎ হোৱা খহনীয়া৷ বোকাখাতত নিৰ্বাচনৰ পূৰ্বে ‘অসম জাতীয় পৰিষদ’ৰ কেন্দ্ৰীয় সম্পাদক দীপক হাজৰিকাকে ধৰি মুঠ ১৭জনে পদত্যাগ কৰে৷
আৰু পঢ়িব পাৰিব : অগ্নিকাণ্ডত প্ৰায় ১০ৰো অধিক বিপণীৰ সা-সম্পত্তি ভস্মীভূত !
বোকাখাতত অসম জাতীয় পৰিষদৰপৰা পদত্যাগ কৰিছে ৰাজ্যিক সম্পাদক দীপক হাজৰিকাই৷ লগত আছে গোলাঘাট জিলা সমিতিৰ ধীৰেণ দাস, কাজল মণ্ডল, মনোৰঞ্জন বৰা, অজিত বৰা, জীৱন বৰা, কুন্তুলা মাৰ্ডি টুৰি, বিজয় পাইক, বোকাখাত সমষ্টি সমিতিৰ লেখক জ্যোতি তুৰি, অজিত কুৰ্মী, নবীন কুৰ্মী, চুবেন উৰিয়া, উপেন উৰিয়া, দিগন্ত ইন্দোৱাৰ, শিৱ উৰিয়া, শিৱ খাৰিয়া, ৰাজীৱ বৰা৷
আৰু পঢ়িব পাৰিব : বাহনসহ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছঃ গ্ৰেপ্তাৰ ৫ সৰবৰাহকাৰী
জানিব পৰা মতে আটাইকেইজনে ‘অসম গণ পৰিষদ’ত যোগদান কৰে। প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ বাবেই দলৰ পৰা পদত্যাগ কৰা বুলি ধাৰণা কৰা হৈছে৷
Leave A Comment