ডিজিটেল ডেস্ক
ভাৰতীয়মূলৰ অভিনেত্ৰী প্ৰীতি পেটেলে ইউকেৰ গৃহ সচিবৰ পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে। তেওঁৰ ঠাইত অধিষ্ঠিত হ’ব পাৰে আন এগৰাকী ভাৰতীয় বংশধৰ৷ তেওঁৰ নাম চুয়েলা ব্ৰেভাৰমেন।
৪২ বছৰীয়া চুয়েলাই কেৱল গৃহ সচিবৰ পদতে নহয়, নৱ নিৰ্বাচিত প্ৰধানমন্ত্ৰী লিজ ট্ৰাছৰ মন্ত্ৰীসভাতো স্থান লাভ কৰাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে,লিজ ট্ৰাছ সোমবাৰে ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। লিজে ভাৰতীয় বংশোদ্ভূত ঋষি সুনাকক ২০,০০০ তকৈও অধিক ভোটত পৰাস্ত কৰি প্ৰধানমন্ত্ৰীৰ আসন দখল কৰে। মুঠ বৈধ ভোটৰ ভিতৰত, লীজে ৮১,৩৮০ টা ভোট লাভ কৰিছিল। ঋষিয়ে ৬০ হাজাৰ ৩৯৯ টা ভোট লাভ কৰিছিল।
লিজ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে প্ৰীতি পেটেলে ইউকেৰ গৃহ সচিব পদ ত্যাগ কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছিল। তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনলৈ এখন পত্ৰ লিখি পদত্যাগৰ কথা ঘোষণা কৰিছিল।
জনছনৰ অতিকৈ বিশ্বাসী হিচাপে জনাজাত প্ৰীতিয়ে গৃহ সচিব হিচাপে ২০১৯ চনৰ জুলাই মাহত দায়িত্ব গ্ৰহণ কৰিছিল৷
Leave A Comment