ডিজিটেল ডেস্কহঠাৎ সক্ৰিয় হৈ উঠিছে আয়কৰ বিভাগ আৰু এফালৰ পৰা চলাই গৈছে বিশেষ বিশেষ নেতাৰ ঘৰত তালাচী৷ বুধবাৰে পঞ্জীভুক্ত ৰাজনৈতিক দলসমূহ (আৰইউপি) আৰু তেওঁলোকৰ সন্দেহজনক পুঁজিৰ বিৰুদ্ধে কৰ ফাঁকিৰ তদন্তৰ অংশ হিচাপে আয়কৰ বিভাগে একাধিক ৰাজ্যত অভিযান চলায়৷
দিল্লী, গুজৰাট, উত্তৰ প্ৰদেশ, হাৰিয়ানা লগতে আন কেইখনমান ৰাজ্যতো অভিযান চলোৱা হৈছে।
মে মাহত ভাৰতৰ নিৰ্বাচন আয়োগে এনে ৰাজনৈতিক দলবোৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল৷ যিসকলে আইনী ব্যৱস্থাসমূহ পালন নকৰাকৈ আই-টি ৰেহাই দাবী কৰা দলসমূহৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছিল ভাৰতৰ নিৰ্বাচনী আয়োগ৷
নিৰ্বাচনী আয়োগে ঘোষণা কৰিছিল যে তেওঁলোকে নিয়ম আৰু নিৰ্বাচনী আইন অমান্য কৰাৰ বাবে ২,১০০ ৰো অধিক পঞ্জীয়নভুক্ত ৰাজনৈতিক দলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে৷ সঠিক অৰ্থনৈতিক হিচাপ দাখিলত ব্যৰ্থ হোৱা, দলীয় নেতাৰ ঠিকনা আৰু কাৰ্যবাহীসকলৰ নাম উন্নীত কৰাত ব্যৰ্থ হোৱাৰ বাবেও বহু ৰাজনৈতিক দলৰ বিৰুদ্ধে কঠাৰতম স্থিতি গ্ৰহণ কৰিছিল নিৰ্বাচনী আয়োগে৷তদুপৰি বহু দল ধনৰ অবৈধ লেন-দেনত জড়িত থকাৰো অভিযোগ উত্থাপিত হৈছে৷
সূত্ৰ অনুসৰি , আই-টি বিভাগে ৰাজস্থানৰ গৃহ মন্ত্ৰী ৰাজেন্দ্ৰ যাদৱৰ চৌহদত তালাচী অভিযান চলাইছিল। তেওঁৰ বিধানসভা সমষ্টি কোটপুতলি আৰু উত্তৰাখণ্ডৰ ব্যৱসায়িক চৌহদকে ধৰি একাধিক স্থানত অভিযান চলোৱা হৈছে।
Leave A Comment