ডিজিটেল ডেস্কবিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষ৷ এই গণতন্ত্ৰ আছিল বহু ভাৰতীয়ৰ ত্যাগ আৰু কষ্টৰ ফচল৷ কিন্তু ভাৰতীয় নেতাই আজি জনতাক দেখুৱাইছে তৃতীয় বিশ্বৰ গণতন্ত্ৰৰ প্ৰকৃত ছবিখন৷
যি দেশৰ ৮১২ মিলিয়ন জনতাই দৰিদ্ৰ সীমা ৰেখাৰ তলত বাস কৰে সেই দেশৰ নেতাই ৰাজহুৱা ধন অপব্যয় কৰে ব্যক্তিগত বিলাস পূৰণ কৰিবলৈ৷যি দেশৰ মানুহে আজিও এসাঁজ ভাতৰ বাবে আত্মহত্যা কৰে সেই নেতাই পিন্ধে লাখ টকীয়া ছ্যুট! এইয়াই হৈছে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ প্ৰকৃত ৰূপ৷
এফালে ৰাহুল গান্ধীৰ ৪১,০০০ হাজাৰৰ টি-ছাৰ্ট আনফালে মোদীৰ লাখটকীয়া ছ্যুট৷ তাৰ মাজতে সুপ্ৰিয়া শ্ৰীনেটে ৰাজহুৱাভাৱে ঘোষণা কৰিলে অমিত শ্বাহৰ মাফলাৰৰ দাম৷ সুপ্ৰিয়া শ্ৰীনেটৰ মতে অমিত শ্বাহে পৰিধান কৰা এখন মাফলাৰৰ মূল্য ৮০,০০০ টকা৷
শেহতীয়াকৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বিৰোধী৷ চৰকাৰৰ শোষণ নীতিৰ বিৰুদ্ধে জনতাক সজাগ কৰিবলৈ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হৈছে ভাৰত জুড়ো পদযাত্ৰা৷ কংগ্ৰেছৰ এই অভিযানে মোদী চৰকাৰক ভীতিগ্ৰস্থ কৰিছে যেন অনুভৱ হৈছে৷ সেইয়ে মূল বিষয়ৰ পৰা ফালৰি কাটি বিজেপিয়ে আৰম্ভ কৰিছে ৰাহুল গান্ধীৰ টি-ছাৰ্টক লৈ বিতৰ্ক৷ আমোদজনক কথা হ’ল, ৰাহুল গান্ধীলৈ মৰা শৰেই ওভতি আহিল মোদীলৈয়ো৷ ৰাহুল গান্ধীৰ ব্যয়বহুল টি-ছাৰ্টক লৈ বিজেপিয়ে বিতৰ্ক আৰম্ভ কৰাৰ লগে মোদীৰ ছ্যুটৰ দামক লৈ বিজেপিক ওভতাই ধৰে কংগ্ৰেছে৷“ভাৰত জুড়ো” অভিযানে এতিয়া ৰূপ লৈছে “ভাৰত দেখো” বিতৰ্কৰ৷ এক কথাত, কংগ্ৰেছৰ ভাৰত জুড়ো অভিযানৰ পৰা জনতাৰ দৃষ্টি বিকৰ্ষণ কৰাত সফল হৈছে মোদী চৰকাৰ৷
টি-ছাৰ্ট, ছ্যুটৰ বিতৰ্ক কম দিনৰ ভিতৰতে মানুহে পাহৰি যাব৷ কিন্তু ৰাজহুৱা ধনৰ এনে অপব্যয়ৰ বিষয়টো বাৰুকৈয়ে চিন্তনীয়৷জনতাই নিৰ্বাচন কৰা প্ৰতিনিধিয়ে জনতাৰ কথা নভৱাটো ভাৰতীয় গণতন্ত্ৰৰ বাবে এক উদ্বেগজনক কথা৷ কেৱল কাপোৰতেই নহয়, বিদেশ ভ্ৰমণৰ বাবেও দেশৰ প্ৰধানমন্ত্ৰীজনে বৃহৎ পৰিমাণৰ ধন ব্যয় কৰাৰ অভিযোগ উত্থাপন হৈছিল৷ আজি দেশখনৰ বৃহৎ জনসংখ্যাই সংস্থাপনহীনতাৰ সৈতে যুঁজি আছে৷ শিক্ষা ব্যৱস্থাতো বিনিয়োগ কৰা নাই চৰকাৰে৷এফালে কৰ, আনফালে বজাৰত জুই ! সাধাৰণ মানুহৰ বাবে আজি জীয়াই থকাই প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে৷ ভালদিনৰ সপোনে ভাগ্য সলাব নোৱাৰিলে ভাৰতীয়ৰ৷মুঠতে ৰজাৰ বিলাস, প্ৰজাৰ বিলাই -বিপত্তি৷
Leave A Comment