ডিজিটেল ডেস্কএফালে কংগ্ৰেছ আনফালে তৃণমূল কংগ্ৰেছ৷ এতিয়া বিৰোধী ব্যস্ত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাত৷ শেহতীয়াকৈ তৃণমূল কংগ্ৰেছে (টিএমচি) কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে “ টি-চাৰ্ট অভিযান” আৰম্ভ কৰিছে। দলটোৱে অমিত শ্বাহৰ ছবি কেইবাটাও টি-চাৰ্টত কাৰ্টুন হিচাপে মুদ্ৰণ কৰি তেওঁক উপহাস কৰাৰ চেষ্টা কৰিছে । আনকি কাৰ্টুনৰ সৈতে টি-চাৰ্টত 'ইণ্ডিয়াজ বিগেষ্ট পাপ্পু' বুলি লিখিও গৃহমন্ত্ৰীজনক আক্ৰমণ কৰিছে টি এম চিয়ে ।
পূৰ্বতে কেৱল অনলাইনত উপলব্ধ টি-ছাৰ্টসমূহ এতিয়া নতুনকৈ বজাৰত উপলব্ধ হৈছে।দলীয় নেতা অভিষেক বেনাৰ্জীয়ে নিজেই টি-চাৰ্টৰ ডিজাইনৰ ওপৰত কাম কৰিছে৷ আনকি শ্ৰমিকসকলকো যোগান ধৰা হৈছে এই টি-ছাৰ্টসমূহ । টি এম চিয়ে ক'লা, হালধীয়া আৰু বগা ৰঙৰে শ্ৰমিকসকলৰ বাবে টি-চাৰ্ট প্ৰিণ্ট কৰিছে ।
নাগৰিকক আকৃষ্ট কৰিবলৈ নাইবা জনসংযোগ গঢ়ি তোলাৰ বাবে আটাইতকৈ কাৰ্যকৰী উপায় হৈছে কৌতুক। অমিত শ্বাহক “ ইণ্ডিয়াজ বিগেষ্ট পাপ্পু” বুলি
প্ৰথমে মন্তব্য কৰিছিল ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে৷ লাহে-লাহে এই মন্তব্য সামাজিক মাধ্যমত বিয়পি পৰিছিল। জানিব পৰা মতে, এই টি-চাৰ্টৰ তিনি-চাৰিটা ডিজাইন আছে আৰু দুৰ্গা পূজাৰ সময়ত অধিক ডিজাইন বজাৰলৈ আহিব।
টি এম চিৰ সূত্ৰ অনুসৰি অভিষেক বেনাৰ্জীয়ে দলটোৰ যুৱ কৰ্মীসকলক অমিত শ্বাহৰ কাৰ্টুনযুক্ত টি-চাৰ্টসমূহ প্ৰস্তুত কৰাৰ দ্বায়িত্ব দিছে৷ দলটোৱে প্ৰায় ৩০০ টকাত এটা টি-চাৰ্ট বিক্ৰী কৰিব বুলিও জানিব পৰা গৈছে৷ ডেৰেক অ'ব্ৰায়েনে নিজেই বগা টি-চাৰ্ট পিন্ধি ছচিয়েল মিডিয়াত ফটো আৰু ভিডিঅ' শ্বেয়াৰ কৰিছে। তেওঁ কলকাতাৰ পৰা দিল্লীলৈ যোৱা বিমানত এই টি-চাৰ্টটো পিন্ধিছিল।
Leave A Comment