ডিজিটেল ডেস্কঃ সভ্যতা-সংস্কৃতিৰ দোহাই দিয়া বিজেপি দলত প্ৰকৃততে চলিছে কি?জ্যেষ্ঠৰ আশিসেৰে প্ৰধানমন্ত্ৰী হোৱা মোদীৰ দলত আজি উপেক্ষিত অসম ভাজপাৰ বীজ ৰোপণকৰ্তা তথা বৰ্ষীয়ান নেতা ৰাজেন গোহাঁই৷শেহতীয়াকৈ বিজেপি নেত্ৰী ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰ পাছত অধুনালুপ্ত পূব-গুৱাহাটী সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যই মুকলিকৈ পুৰণি আৰু নতুন বিজেপিৰ সংঘাতৰ কথা স্পষ্ট কৰিছিল ৷এই ঘটনাৰ পৰৱৰ্তী সময়ত ৰাজ্যিক বিজেপিত চাৰি দশকতকৈ অধিক সময় থকা নেতা ৰাজেন গোহাঁই একাংশ গেৰুৱাবসনধাৰী ন-বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷এই ক্ষেত্ৰত বিষেদাগাৰ প্ৰকাশ কৰিবলৈ গৈ ৰাজেন গোঁহাই-এ অসম চৰকাৰৰ কেবিনেট মৰ্যাদা ত্যাগ কৰে৷
ৰাজেন গোহাঁইৰ বিজেপিৰ দলটোৰ ভিতৰচৰাত চলি থকা ৰাজনৈতিক দ্বন্দ্বৰ কথা উল্লেখ কৰোঁতে স্বয়ং অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কিছু মন্তব্য কৰে৷এই কথাৰেই প্ৰত্যুত্তৰ দিবলৈ গৈ হিমন্ত বিশ্ব শৰ্মাৰ বুকুৰ আপোন মন্ত্ৰী তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই ৰাজেন গোহাঁইক ৰাজনীতিৰ পৰা অৱসৰ লৈ নাতি-নাতিনীৰ লগত খেলাৰ পৰামৰ্শ দিয়াৰ লগতে ভৱিষ্যতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কঠোৰ শব্দ প্ৰয়োগ নকৰিবলৈ পৰোক্ষভাৱে সকিয়াই দিয়ে৷যাৰ পাছত খঙত অগ্নিশৰ্মা হৈ পৰে জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁই৷
তদুপৰি ২০১৯ চনত নগাঁও লোকসভা সমষ্টিৰ টিকটৰ পৰা বঞ্চিত ৰাজেন গোহাঁই-এ এই সমষ্টিটো ইতিমধ্যে সমষ্টি পুনৰ নিৰ্ধাৰণ চূড়ান্ত খচৰা প্ৰকাশৰ পাছত হেৰুৱাইছে৷যাক লৈ অসন্তুষ্ট ৰাজেন গোহাঁই৷এই সমগ্ৰ বিষয়সমূহ আলোচনাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ অনুৰোধক্ৰমে ৰাজেন গোহাঁই অমিত শ্বাহক সাক্ষাতৰ বাবে দেওবাৰে দিল্লীলৈ যায়৷অমিত শ্বাহে সোমবাৰে ৰাজেন গোহাঁইৰ সৈতে সাক্ষাতৰ সময় ধাৰ্য কৰিছিল যদিও সোমবাৰে অমিত শ্বাহ আলিগড়লৈ যায়৷
দিল্লীত এতিয়াও গৃহমন্ত্ৰীক সাক্ষাতৰ বাবে অপেক্ষাৰত বৰ্ষীয়ান ৰাজনীতিবিদজন৷ন-পুৰণিৰ সংঘাতে প্ৰত্যাহ্বান কঢ়িয়াই অনাৰ মাজতে ৰাজেন গোহাঁইক দিল্লীত অমিত শ্বাহে আমন্ত্ৰণ জনাই সাক্ষাৎ নকৰাটো ৰাজনৈতিক ভুল হিচাপে প্ৰতিষ্ঠা হ’ব নেকি তাক লৈ ইতিমধ্যে ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে৷কাৰণ একেধৰণৰ ভুল বিজেপিয়ে পূৰ্বতে কৰ্ণাটক আৰু উত্তৰাখণ্ডত দোহাৰি থৈছে৷
Leave A Comment