comScore
  • ৰাহুল গান্ধীৰ প্ৰাক্তন ব্যক্তিগত সহায়িকা দিব্যাৰ প্ৰত্যাৱৰ্তন কংগ্ৰেছ মহলত খলকনি

    ৰাজনৈতিক
    ৰাহুল গান্ধীৰ প্ৰাক্তন ব্যক্তিগত সহায়িকা দিব্যাৰ প্ৰত্যাৱৰ্তন কংগ্ৰেছ মহলত খলকনি
    ডিজিটেল ডেস্ক
    কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ প্ৰাক্তন সহায়িকা দিব্যা স্পন্দনা ওৰফে ৰম্যই তেওঁৰ প্ৰত্যাৱৰ্তনৰ কথা মুকলিকৈ  ঘোষণা কৰিছে ৷অৱশ্যে এই প্ৰত্যাৱৰ্তন ৰাজনীতিত নহয় চিনেমাতহে৷ 

    কানাড়া অভিনেত্ৰীগৰাকীয়ে ৰাজনীতিৰ পৰা হঠাতে 'বিৰতি' লোৱাৰ তিনি বছৰ পিছত পুনৰ উদ্যোগলৈ উভতি অহাৰ কথা ঘোষণা কৰিছে।

    গণেশ চতুৰ্থী উপলক্ষে, ৰম্যই টুইটাৰযোগে তেওঁৰ অনুগামীসকলক জনায় যে তেওঁ তেওঁৰ বুটিক প্ৰযোজনা গৃহ এপলবক্স ষ্টুডিঅ'ৰ অধীনত চলচ্চিত্ৰ প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰিব। দিব্যা স্পন্দনাই প্ৰকাশ কৰিছিল যে তেওঁ বৰ্তমান দুখন চলচ্চিত্ৰ নিৰ্মাণ কৰি আছে যিবোৰ কে আৰ জি ষ্টুডিঅ'ৰ কাৰ্তিক গৌড়া আৰু যোগী জি ৰাজে বিতৰণ কৰিব।

    দিব্যা স্পন্দনাই ২০১২ চনত কংগ্ৰেছ দলত ইয়াৰ যুৱ শাখাৰ সদস্য হিচাপে যোগদান কৰিবলৈ চলচ্চিত্ৰ জগত ত্যাগ কৰিছিল। পিছত তেওঁ কৰ্ণাটকৰ মাণ্ড্য সমষ্টিৰ সাংসদ হিচাপে ২০১৩ চনৰ উপ-নিৰ্বাচনত জয়ী হৈছিল৷  কিন্তু পিছৰ বছৰ সাধাৰণ নিৰ্বাচনত তেওঁ পৰাজিত হৈছিল।

    ৰাহুল গান্ধীৰ এগৰাকী ঘনিষ্ঠ সহযোগী, স্পন্দনাই প্ৰবীণ দীপেন্দৰ সিং হুডাৰ বিপৰীতে  কংগ্ৰেছ দলৰ  ডিজিটেল দলৰ ৰাষ্ট্ৰীয় মুৰব্বীৰ আসন লাভ কৰাৰ সময়ত শিৰোনাম দখল কৰিছিল। অৱশ্যে ২০১৯  চনত ৰম্যই ৰাজনীতিৰ পৰা 'বিৰতি' ঘোষণা কৰি হঠাতে  পদত্যাগ কৰে।

    তেতিয়াৰ পৰা, অভিনেত্ৰীগৰাকীয়ে কেৱল চলচ্চিত্ৰৰ বিষয়ে সক্ৰিয়ভাৱে পোষ্ট কৰি আহিছে আৰু উদ্যোগটোৰ লোকসকলক লগ কৰিছে। ৩০  আগষ্টত, দিব্যাই ছ'চিয়েল মিডিয়াত  কানাড়া চিনেমালৈ উভতি অহাৰ বিষয়ে এটা টিজাৰ শ্বেয়াৰ কৰিছিল। তাৰ কেইসপ্তাহমান আগতে, তেওঁ কৰ্ণাটকত কংগ্ৰেছ দলে তেওঁৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাৰ বাবে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল।

    scatter hitamslot thailandmpo slotsv388mahjong ways 2slot777https://www.satudatadesa.com/link agen sbobet loginLink Agen Sabung Ayam OnlineMix ParlaySlot88SV388Agen SBOBETSlot777 Scatter HitamSabung Ayam Wala MeronAgen Mix ParlayScatter Hitamslot gacorsabung ayam onlineindojawa88sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388agen sbobet situs sabung ayam situs scatter hitam agen bola scatter hitam mahjong sabung ayam online 24 jam mix parlay slot terpercaya bandar sabung ayam sbobet88agen sbobet