ডিজিটেল ডেস্কশুকুৰবাৰে কৰ্ণাটকৰ শিৱমোগ্গা জিলা প্ৰশাসনে কে এছ আৰ টি চি বাছ ষ্টেণ্ডৰ ওচৰত ৰাষ্ট্ৰীয় প্ৰতীকৰ ওপৰত থকা গেৰুৱা পতাকা আঁতৰাই দিছে বুলি অভিযোগ কৰিছে হিন্দু মহাসভা গণপতি সমিতিৰ আয়োজকসকলে।
শুক্ৰবাৰে জিলাখনত আয়োজন কৰা গণেশ চতুৰ্থী শোভাযাত্ৰাৰ অংশ হিচাপে পতাকাখন উত্তোলন কৰা
হৈছিল৷ লগতে শোভাযাত্ৰাৰ অংশ হিচাপে ট্ৰেফিক জংচনসমূহো গেৰুৱা পতাকাৰে সজোৱা হৈছিল।
সমান্তৰালভাৱে,হিন্দুত্ববাদী চিন্তাবিদ বিনায়ক দামোদৰ চাভাৰকাৰ, নাথুৰাম গডছে আৰু হৰ্ষ জিঙ্গাদে আদিৰ ফটোও শোভাযাত্ৰাত ব্যৱহাৰ কৰা হৈছিল৷
ভিডিঅ' প্ৰমাণ স্বত্বেও, আৰক্ষীয়ে দাবী কৰিছিল যে এনে কোনো ঘটনাৰ খবৰ পোৱা হোৱা নাই।
জিলা আৰক্ষীয়ে দুজন অতিৰিক্ত এছপি পদবীৰ বিষয়া, ১৬ জন ডিৱাইএছপি, ৩৮ জন পৰিদৰ্শক, ৭০ জন উপ-পৰিদৰ্শক, মুঠ ২০০০ অসামৰিক কৰ্মী আৰু আন ১০০০ কৰ্মচাৰী নিয়োজিত কৰিছিল।
Leave A Comment