ডিজিটেল ডেস্কনিজ ইচ্ছা অথবা দলীয় স্বাৰ্থ অনুসৰি মোদী চৰকাৰে
ৰাজপথ, জংচনৰ নাম সলনি কৰাটো ভাৰতৰ বাবে নতুন কথা নহয়৷ কিছুদিন পূৰ্বে দিল্লীৰ ৰাজপথৰ নাম সলনি কৰি কৰ্তব্য পথ নাম ৰাখিছিল মোদী চৰকাৰে৷ নিজৰ কৰ্তব্য পাহৰি “কৰ্তব্য পথ”ক লৈ ব্যস্ত হৈ পৰা বাবে মোদীক সমালোচনাও কৰিছে বহুতে৷
কংগ্ৰেছী নেতা শশী থাৰুৰেও একে বিষয়ক লৈ কটাক্ষ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক৷ শনিবাৰে ৰাজপথক “কৰ্তব্য পথ” হিচাপে পুনৰ নামাকৰণ কৰাক লৈতেওঁ চৰকাৰক তীব্ৰ সমালোচনা কৰে৷ তদুপৰি সকলো ৰাজভৱনক কৰ্তব্য ভৱন হিচাপে পুনৰ নামকৰণ কৰা উচিত নহয় নেকি বুলিও প্ৰশ্ন কৰে প্ৰধানমন্ত্ৰীজনক।
সমান্তৰালভাৱে , শশী থাৰুৰে ৰাজস্থানৰ নাম কৰ্তব্যস্থান ৰাখিবলৈ উপদেশ দিয়ে নৰেন্দ্ৰ মোদীক৷
টুইটাৰৰ যোগেদি কংগ্ৰেছী নেতাজনে এই মন্তব্য কৰিছে৷
একে সময়তে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰয়ো শুকুৰবাৰে একে ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছিল৷ বিজেপিক টুইট কৰি তেওঁ সকলো ৰাজভৱনক এতিয়া কৰ্তব্য ভৱন বুলি জনা যাব নেকি বুলিও প্ৰশ্ন কৰিছিল৷
Leave A Comment