ডিজিটেল ডেস্কঃ নিগনি খেদি ভালপোৱা ল'ৰাজন আজি দেশৰ প্ৰধানমন্ত্ৰী। চনতো আছিল ১৯৫০ । সেই চনটোৰেই ১৭ ছেপ্টেম্বৰত বোম্বে প্ৰদেশৰ মেহচানা জিলাৰ ৱাদ নামৰ চহৰখনত জন্মগ্ৰহণ কৰিছিল নৰেন্দ্ৰ দামোদৰ দাস মুলচান্দ মোদীয়ে। অনবৰতে অভাৱ-অনাটনে লগ নেৰা হীৰাবেনৰ ঘৰখনলৈ নতুন আলহী হৈ অহা নৰেন্দ্ৰক কেন্দ্ৰ কৰি সেই সময়ত চুবুৰীয়াৰ কৌতূহলৰ অন্ত নাই। জন্মৰ সময়তেই ছটফটীয়া নৰেন্দ্ৰই যেন তেওঁৰ ফুলকুমলীয়া হাত দুখন ওপৰলৈ তুলি চুবুৰীয়াক আশ্বস্ত কৰিব বিচাৰিছিল মই আহিছো, তোমালোকৰ চিন্তা নাই। নৰেন্দ্ৰৰ জন্মক লৈ ওচৰ চুবুৰীয়াই আনন্দ লাভ কৰিলেও পিছে মাতৃ হীৰাবেনৰ চিন্তাৰ শেষ নাই। আকালে পংগু কৰি পেলোৱা ঘৰখনত দেৱ শিশুটোক কিদৰে তুলি-টালি ডাঙৰ দীঘল কৰিব তাকে লৈ হীৰাবেনৰ চিন্তাৰ শেষ নাছিল।
সেইদিনা এজাক আবৰীয়া কিনকিনীয়া বৰষুণে ৱাদনগৰ চহৰখনক ধুৱাই নিছিল। কোঁচত শিশু নৰোক লৈ মাতৃ হীৰাবেনে ঘৰৰ মুধচলৈ চাইছিল। উৱলি যোৱা মুখচেৰে দুই এটোপাল কৈ পানী নিগৰি আহি শিশু নৰেন্দ্ৰৰ মুখত পৰিছিল । আচলেৰে শিশু নৰেন্দ্ৰক ঢাকি ধৰি হীৰাবেনে মাথোঁ কৈছিল প্ৰভু কৃপা কৰা... ।
নৰেন্দ্ৰৰ পিতৃ দামোদৰ দাস মূলচান্দ মোদী আছিল তেতিয়াৰ বোম্বে প্ৰদেশৰ (বৰ্তমানৰ গুজৰাট) মেহচানা জিলাৰ এটা পিছ পৰা সম্প্রদায় 'ঘাচী তেলি' (যিয়ে তেল পেৰে)ৰ লোক। পিছপৰা সম্প্ৰদায়ৰ লোক হোৱা সত্ত্বেও কিন্তু তেওঁৰ পৰিয়ালটোৱে চৰকাৰৰ পৰা বিশেষ কোনো সা সুবিধা লাভ কৰা নাছিল। সেয়ে চৰম আর্থিক দীনতাৰ মাজেৰে দামোদৰ দাস মূলচান্দ মোদীয়ে তেওঁৰ পৰিয়ালটোক পোহপাল দিবলগীয়া হৈছিল। নৰেন্দ্ৰ আছিল দামোদৰ দাসৰ তৃতীয় সন্তান। সৰুৰে পৰাই নৰেন্দ্ৰই কেৱল চকুৰ সন্মুখত দেখিছিল অভাৱ আৰু অভাৱ। নৰেন্দ্ৰৰ পিতৃ দামোদৰ দাসে পৰিয়ালটোক ভৰণ পোষণ দিবলৈ ৱাদ নগৰত এখন সৰুকৈগেলামালৰ দোকান দিছিল। দোকান বুলিবলৈ বিশেষ একো নাই। চাউল, দাইল কেইটামান, তেল, নিমখ অকণমান ... বচ, তাকেই সাৰথি কৰি চলি আছিল দামোদৰ দাসৰ দোকান। বুজা হোৱাৰ পিচৰে পৰাই শিশু নৰেন্দ্ৰই দেউতাকৰ দোকানলৈ আহি তেওঁক কিছু সহায় কৰি দিছিল।
দোকানত থকা সময়খিনিত শিশু নৰেন্দ্ৰই চাউল দাইলৰ বস্তাৰ কাষত গাঁত খন্দা নিগনিবোৰ খেদি বৰ আমোদ পাইছিল । এডাল মাৰিৰে চাউল দাইলৰ বস্তাত খোঁচ মাৰি দিয়াৰ লগে লগে জাক জাক নিগনিয়ে বাহিৰলৈ দৌৰ মৰা দৃশ্য চাই নৰেন্দ্ৰই বৰ আমোদ পাইছিল। নৰেন্দ্ৰই পিছে নিগনি খেদিহে ভাল পাইছিল, এদিনো এটাও নিগনি হত্যা কৰি পোৱা নাছিল ।
আৰ এছ এছৰ সান্নিধ্যত
আজি যিগৰাকী নৰেন্দ্ৰ মোদীক বিশ্ববাসীয়ে প্রত্যক্ষ কৰিছে সেই নৰেন্দ্ৰ মোদীগৰাকীক দৰিদ্ৰতাৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰি বাস্তৱিক জীৱনৰ সংঘৰ্ষৰ মুখামুখি হ'বলৈ প্ৰথমেই শিকাইছিল আৰ এছ এছ অর্থাৎ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই। নৰেন্দ্ৰ মোদীৰ বয়স তেতিয়া আঠ বছৰ। সেই সময়তেই নৰেন্দ্ৰই লক্ষ্মণ ৰাও ইমানদাৰৰ সংস্পৰ্শলৈ আহিছিল। লক্ষ্মণ ৰাওক মানুহে হাকিম চাহেব বুলিহে জানিছিল। লক্ষ্মণ ৰাওৱেই নৰেন্দ্ৰক আৰ এছ এছৰ বাল স্বয়ংসেৱক হিচাপে অন্তৰ্ভুক্ত কৰে। আৰ এছ এছত যোগদান কৰাৰ পিছতেই নৰেন্দ্ৰই সংঘটোৰ কেৰিপিঠা শাখাত বিভিন্ন সাংগঠনিক কামত ব্যস্ত হৈ পৰে ।ইয়াৰ পিছতেই নৰেন্দ্ৰই সংঘ পৰিবাৰৰ নেতা বসন্ত গজেন্দ্ৰ গাডকাৰ আৰু নাথালাল জাঘদাৰ সংস্পৰ্শলৈ আহে। এই দুগৰাকী নেতাই প্রথমে জনসংঘ নামৰ এটা দল গঠন কৰিছিল। এই দলটোৱেই পৰৱৰ্তী সময়ত বিজেপিত চামিল হৈছিল। ১৯৮০ চনত দুয়োগৰাকী নেতাৰ প্রচেষ্টাতেই গুজৰাট বিজেপিৰ শাখা প্রতিষ্ঠা হৈছিল।
নৰেন্দ্ৰ মোদী তেতিয়া আৰ এছ এছৰ এগৰাকী জনপ্ৰিয় প্ৰচাৰক। ১৯৭৫-৭৭ লৈ তদানীন্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে দেশত ঘোষণা কৰিছিল জৰুৰীকালীন অৱস্থা। জৰুৰীকালীন অৱস্থা ঘোষণাৰ পিছতেই আৰ এছ এছকে ধৰি দেশৰ ৰাজনৈতিক তথা অৰাজনৈতিক বহুকেইটা সংগঠনক নিষিদ্ধ ঘোষণা চলাইছিল।আৰ এছ এছৰ কেইবাজনো নেতাক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছিল।
মোদীও গ্ৰেপ্তাৰ হোৱাৰ উপক্ৰম হৈছিল যদিও তেওঁ কোনোমতেহে গুজৰাটলৈ পলাই গৈ গ্ৰেপ্তাৰৰ পৰা হাত সাৰিছিল।
তেওঁ জয়প্ৰকাশ নাৰায়ণৰ লোক সংঘৰ্ষ সমিতি গুজৰাট শাখাৰ সম্পাদক নির্বাচিত হৈছিল। সেই সমাছোৱাৰ ভিতৰতে মোদীয়ে 'সংঘর্ষ মা গুজৰাট (গুজৰাটৰ সংগ্ৰাম) শীর্ষক কিতাপখন লিখি উলিয়াইছিল।
ক্ৰমাৎ আৰ এছ এছৰ নিউক্লিয়াছত পৰিণত হৈছিল নৰেন্দ্ৰ মোদী। সেই সময়ত বিজেপিৰ প্রভাৱশালী নেতা শংকৰ সিং বাঘেলা, কেচুভাই পেটেল আদিৰ সৈতে মোদীৰ সম্পৰ্ক গাঢ় হৈ পৰিছিল। ১৯৯১ চনত মুৰুলী মনোহৰ যোশীৰ নেতৃত্বত আৰম্ভ হোৱা কন্যাকুমাৰী-শ্ৰীনগৰ একতা যাত্ৰাৰ সমস্ত আয়োজনৰ আঁৰৰ মানুহজনেই আছিল নৰেন্দ্ৰ মোদী। ১৯৮৮ চনত মোদী গুজৰাট বিজেপিৰ সাংগঠনিক সম্পাদকৰ পদত অধিষ্ঠিত হৈছিল। দেশৰ মূলসুতিৰ ৰাজনীতিত সেয়া আছিল মোদীৰ প্ৰথম প্ৰৱেশ। ১৯৯৫ চনৰ নৱেম্বৰ মাহত বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক পদত অধিষ্ঠিত হৈছিল মোদী আৰু তেওঁক হাৰিয়ানা আৰু হিমাচল প্ৰদেশৰ দায়িত্ব দি নতুন দিল্লীলৈ প্ৰেৰণ কৰা হৈছিল। ১৯৯৮ চনৰ মে' মাহত মোদী বিজেপিৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছিল।
২০০১ চনত গুজৰাট বিজেপিৰ প্ৰভাৱশালী। নেতা কেশুভাই পেটেলৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছিল। পেটেলৰ অসুস্থতাৰ বাবেই সেইবাৰ গুজৰাটত অনুষ্ঠিত উপ-নির্বাচনত বিজেপিয়ে মুখ থেকেচা খাবলগীয়া হৈছিল। তদুপৰি ২০০১ চনত গুজৰাটৰ ভুৱা হোৱা ভূমিকম্পৰ পিছত বিজেপিয়ে গুজৰাটত এগৰাকী নতুন নেতাৰ সন্ধান কৰিছিল। বিজেপিৰ শীর্ষ নেতৃ গুজৰাটৰ মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে মোদীৰ নামকেই উচ্চাৰণ কৰিছিল। কিন্তু পেটেলৰ সলনি মোদীক গুজৰাট বিজেপিৰ শীৰ্ষ দায়িত্ব অর্পণ কৰাৰ বিৰোধিতা কৰিছিল গেৰুৱা বাহিনীটোৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদবানিয়ে। আদবানিয়ে কৈছিল যে মোদীৰ ৰাজনৈতিক অভিজ্ঞতা তেনেই কম গতিকে তেওঁ গুজৰাটৰ মুখ্য মন্ত্ৰীৰ পদ চম্ভালিব নোৱাৰিব। ইয়াৰ পিছতেই মোদীক গুজৰাটৰ উপ মুখ্য মন্ত্ৰী পদৰ বাবে প্ৰস্তাব আগবঢ়োৱা হৈছিল। মোদীয়ে অৱশ্যে সেই প্রস্তাব পোনচাটেই নাকচ কৰিছিল। অৱশেষত ২০০১ চনৰ ৭ অক্টোবৰৰ দিনা কেশুভাইৰ ঠাইত মোদীক গুজৰাটৰ মুখ্য মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল ।
২০০২ চনৰ নিৰ্বাচনত মোদী পুনৰ ৰাজ্যখনৰ মুখ্য মন্ত্ৰী হোৱাৰ সুযোগ লাভ কৰিছিল। কিন্তু সেইটো বছৰৰেই ২৭ ফেব্ৰুৱাৰীত সংঘটিত গোধৰা কাণ্ডৰ দায়িত্ব মূৰ পাতি লৈ ২০০২ চনৰ ১৯ জুলাইৰ দিনা মোদীৰ কেবিনেটে গুজৰাটৰ ৰাজ্যপাল এছ এছ ভাণ্ডাৰীৰ হাতত সমূহীয়াভাৱে পদত্যাগপত্র দাখিল কৰিছিল। ইয়াৰ পিছত পুনৰ অনুষ্ঠিত হৈছিল গুজৰাটৰ নিৰ্বাচন। উক্ত নির্বাচনতো ১৮২ জনীয়া গুজৰাট বিধানসভাৰ ১২৭ খন আসন লাভ কৰিছিল আৰু মোদী পুনৰবাৰ মুখ্য মন্ত্ৰী নিৰ্বাচিত হৈছিল। ২০০২ৰ পৰা ২০০৭ চনলৈ মুখ্য মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত মোদীয়ে গুজৰাটলৈ উন্নয়নৰ ধাৰা ভালদৰেই বোৱাই আনিবলৈ সক্ষম হৈছিল।
২০১৪ চনত অনুষ্ঠিত ষষ্ঠদশ লোকসভা নিৰ্বাচনত গুজৰাটৰ উন্নয়নৰ আৰ্হিৰ আধাৰতেই বিজেপিয়ে দেশজুৰি বোৱাই দিবলৈ সক্ষম হ'ল মোদী টৌ। যি মোদী ঢৌৰ বিষয়ে ৰাষ্ট্ৰসংঘতো কেইবা বিলিয়ন ডলাৰ খৰচ কৰি গৱেষণা চলিছিল। মোদী ঢৌৰ আলমতেই ২০১৪ ৰ নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এই সৰ্বতিকালৰ অভিলেখ ভংগ কৰি ৩৩৪ খন আসন লাভ কৰিবলৈ সক্ষম হ'ল। কেৱল সেয়াই নহয় বিগত তিনিটা দশকৰ অভিলেখ ভংগ কৰি বিজেপিয়ে ষষ্ঠদশ লোকসভা নির্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছিল ।পৰৱৰ্তী নিৰ্বাচনসমূহতো মোদীৰ নেতৃত্বত সেই জয়ৰ ধাৰা অব্যাহত আছে।
Leave A Comment