• অৰবিন্দ কেজৰিৱালে আউল লগালে I.N.D.I.A.ত! পঞ্জাব, চণ্ডীগড়ত অকলেই অৱতীৰ্ণ হ’ব নিৰ্বাচনত

    ৰাজনৈতিক
    অৰবিন্দ কেজৰিৱালে আউল লগালে I.N.D.I.A.ত! পঞ্জাব, চণ্ডীগড়ত অকলেই অৱতীৰ্ণ হ’ব নিৰ্বাচনত
    ডিজিটেল ডেস্ক: কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰা চলি থকাৰ মাজতেই ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ পৰা আঁতৰিছে ইটোৰ পাছত সিটো সহযোগী দল৷ নিৰ্বাচন যিমানেই চমু চাপিছে সিমানেই সংঘাত বৃদ্ধি পাইছে ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ মাজত৷ 

    আৰু আভ্যন্তৰীণ সংঘাতৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে৷ প্ৰথমে মিত্ৰজোঁটৰ পৰা আঁতৰি এনডিএত চামিল হৈছিল নীতিশ কুমাৰ৷ পৰৱৰ্তী সময়ত বংগকন্যা মমতাই স্থিতি গ্ৰহণ কৰিছিল কংগ্ৰেছৰ বিৰুদ্ধে৷ একেদৰে, ন্যায় যাত্ৰা চলি থকাৰ মাজতেই কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰব হৈছিল অখিলেশ যাদৱ৷ 

    আৰু শেহতীয়াকৈ অৰবিন্দ কেজৰিৱালে মিত্ৰতা ভংগ কৰিলে ‘ইণ্ডিয়া’ৰ সৈতে৷ পঞ্জাব আৰু চণ্ডীগড়ত আম আদমী পাৰ্টীয়ে এককভাৱেই নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি ঘোষণা কৰিলে অৰবিন্দ কেজৰিৱালে৷ 

    আম আদমী পাৰ্টিৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শনিবাৰে কয় যে পঞ্জাবত ‘ইণ্ডিয়া’ৰ সৈতে কোনো মিত্ৰতা নহ’ব৷ তেওঁ লগতে কয় যে তেওঁৰ দলে আগন্তুক সাধাৰণ নিৰ্বাচনত পঞ্জাব আৰু চণ্ডীগড়ৰ ১৪ খন লোকসভা আসনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব। 

    তেওঁ কয়, আপে অনাগত দিনত পঞ্জাবৰ ১৩ খন আৰু চণ্ডীগড়ৰ এখন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিব।