• 'ভাৰত মাতা'ৰ প্ৰাৰ্থনাত মগ্ন সঞ্জয় সিং; প্ৰতি শুকুৰবাৰে জেইলত ৰাখে উপবাস

    ৰাজনৈতিক
    'ভাৰত মাতা'ৰ প্ৰাৰ্থনাত মগ্ন সঞ্জয় সিং; প্ৰতি শুকুৰবাৰে জেইলত ৰাখে উপবাস
    ডিজিটেল ডেস্কঃ দেশৰ দৃষ্টি আকৰ্ষণৰ নতুন কিটিপ লাভ কৰিলে আপ সাংসদ সঞ্জয় সিঙে৷আম আদমী পাৰ্টীৰ সাংসদ সদস্য সঞ্জয় সিঙে কাৰাগাৰৰ ভিতৰতে ভাৰত মাতাৰ প্ৰতিমাত প্ৰাৰ্থনা কৰাৰ লগতে প্ৰতি শুকুৰবাৰে ব্ৰত পালন কৰিব। দেশৰ গণতন্ত্ৰ ৰক্ষাৰ বাবে ঐক্যবদ্ধভাৱে থিয় হ’বলৈ জেলৰ পৰাই জ্যেষ্ঠ আপ নেতাগৰাকীয়ে এই বাৰ্তা দিয়ে।

    আপৰ সাংসদগৰাকীয়ে কয় যে, "যদি সম্ভৱ হয় সকলো জাতি-ধৰ্মৰ লোকে 'ভাৰত মাতা'ক প্ৰাৰ্থনা কৰি সপ্তাহত এদিন ব্ৰত পালন কৰক। ইয়াৰ দ্বাৰা আমাৰ মনোবল শক্তিশালী হ'ব আৰু আমাৰ সংকল্প দৃঢ় হ'ব।মুদ্ৰাস্ফীতি, নিবনুৱা সমস্যা, অপশাসন আৰু অত্যাচাৰে সমগ্ৰ জাতিটোক দুখ দিছে।"

    সাংসদগৰাকীৰ এই বাৰ্তাৰ পিছতে উত্তৰ প্ৰদেশকে ধৰি সমগ্ৰ দেশৰ বিভিন্ন স্থানত আপে এই আহ্বানৰ সমৰ্থনত উপবাস কাৰ্যসূচীৰ আয়োজন কৰিব। প্ৰতি শুকুৰবাৰে উত্তৰ প্ৰদেশৰ সকলো জিলাৰ আপ কৰ্মীসকলে ভাৰত মাতাৰ প্ৰতিমাত প্ৰাৰ্থনা কৰাৰ লগতে ৰোজা পালন কৰিব।