ডিজিটেল ডেস্কঃ দেশৰ ৰাজনীতিলৈ আহি পৰিছে এটা বৃহৎ চৰ্চাৰ বিষয়৷এই চৰ্চাৰ বিষয়টো হ’ল সদ্যপ্ৰকাশিত এবিপি-চি ভোটাৰৰ নিৰ্বাচনী সমীক্ষা৷শেহতীয়াকৈ নিৰ্বাচনমুখী ছত্তীশগড়ত কংগ্ৰেছে ৪৮ৰ পৰা ৫৪খন আসন লাভ কৰি পুনৰ ক্ষমতালৈ অহিব বুলি প্ৰকাশ পাইছে, আনহাতে এবিপি-চি ভোটাৰৰ সমীক্ষা অনুসৰি বিজেপিয়ে ৩৫ৰ পৰা ৪১খন আসন লাভ কৰিব।৷উল্লেখ্য যে এই বৰ্ষৰ শেষৰ ফালে ৰাজ্যখনত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।
এই সমীক্ষাত কংগ্ৰেছৰ ভোটৰ ভাগ ২০১৮ চনত ৪৩.১ শতাংশৰ তুলনাত ২.৫ শতাংশ বৃদ্ধি পাই ৪৫.৬ শতাংশ হ’ব বুলি উল্লেখ কৰা হৈছে।ইফালে, বিজেপিৰ ভোটৰ ভাগ পূৰ্বৰ তুলনাত ৩৩ শতাংশৰ পৰা ৪১.১ শতাংশ বৃদ্ধি পাই ৮.১ শতাংশ হ’ব বুলি আশা কৰা হৈছে৷
উল্লেখযোগ্য যে ২০১৮ চনত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ৬৮খন আসন লাভ কৰি ৰাজ্যখনত ১৫ বছৰীয়া বিজেপি শাসনৰ অন্ত পৰিছিল। ইতিমধ্যে নিৰ্বাচনৰ সময়সূচী ঘোষণাৰ পূৰ্বে শাসনভাৰ লাভ কৰিবলৈ ২০১৮ চনৰ নিৰ্বাচনৰ ফলাফলৰ পৰা শিক্ষা লৈ বিজেপিয়ে আগতীয়াকৈ প্ৰস্তুতি আৰম্ভ কৰিছে।
দুয়োটা দলে ৰাজ্যখন জয়ৰ বাবে নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াবলৈ চেষ্টা কৰাৰ সময়তে মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা ভূপেশ বাঘেলে আটাইতকৈ পছন্দৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে আত্মপ্ৰকাশ কৰিছে, তাৰ পাছতে বিজেপিৰ ৰমন সিং। ইফালে কংগ্ৰেছৰ টি এছ সিংদেৱ আৰু বিজেপিৰ ৰমেশ বায়ছে এই তালিকাত তৃতীয় আৰু চতুৰ্থ স্থান দখল কৰিছে৷
Leave A Comment