comScore
  • আঞ্চলিক জাতীয়তাবাদৰ চৰিত্ৰ অক্ষুণ্ণ ৰাখিব পাৰিছেনে অসম গণ পৰিষদ দলে?

    ৰাজনৈতিক
    আঞ্চলিক জাতীয়তাবাদৰ চৰিত্ৰ অক্ষুণ্ণ ৰাখিব পাৰিছেনে  অসম গণ পৰিষদ দলে?
    ডিজিটেল ডেস্কঃ এটা দল, যিটো দলৰ সৈতে জৰিত হৈ আছে কোটি কোটি অসমীয়াৰ আবেগ, শতাধিক শ্বহীদৰ ত্যাগ। সেই দলটোৱেই অসম গণ পৰিষদ। ৰাজ্যত প্ৰকৃতাৰ্থত জাতীয়তাবাদৰ আধাৰত ৰাজনীতিৰ পথাৰত ভৰি দিয়া দলটোৱেই হৈছে অগপ। আজি অগপৰ প্ৰতিষ্ঠা দিৱস। ১৯৮৫ চনৰ ১৫ আগষ্টত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ দুমাহ নৌহওঁতেই আজিৰ দিনটোতে  জন্ম গ্ৰহণ কৰিছিল অগপই। 

    অসমৰ গৰিষ্ঠসংখ্যক জনতাই চুলি চিগি আশীৰ্বাদ দিছিল দলটোৰ নেতৃত্বক। জাতীয়তাবাদৰ আধাৰত প্ৰতিষ্ঠিত দলটোৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোতে আজি বহুতৰে মনত প্ৰশ্ন উদয় হৈছে অগপ সঁচাকৈয়ে আঞ্চলিক জাতীয়তাবাদী দল হৈ আছেনে? নে কেনেবাকৈ দলটোৱে হেৰুৱাই পেলাইছে ইয়াৰ জাতীয়তাবাদী চৰিত্ৰ। শেহতীয়াকৈ ৰাজনৈতিক অস্তিত্ব ৰক্ষাৰ স্বাৰ্থতে অগপই হিন্দুত্ববাদী ৰাষ্ট্ৰীয় দল বিজেপিৰ লগ লাগিছে, বিজেপিৰ সুখ-দুখ সকলোতে সমানে অংশীদাৰ হৈছে। 

    অগপৰ বহু নেতাৰ মুখত এতিয়া আঞ্চলিক জাতীয়তাবাদৰ সলনি রাষ্ট্ৰীয়তাবাদৰ ধ্বনি শুনা গৈছে। কোন বিজেপি, কোন অগপ হঠাতে ধৰিব নোৱাৰা হৈ পৰিছে। ৰাষ্ট্ৰী দল এটাৰ ৰাজনৈতিক অংশীদাৰ হৈ থকাৰ বাবেই অগপৰ নেতাসকলে নাগৰিকত্ব সংশোধনী আইনকলৈ একো মাতিব নোৱাৰা হৈ পৰিছে। অথচ এটা সময়ত ’কা’ বিৰোধী আন্দোলন সৱল হৈ উঠাৰ  পৰত গণৰোষত পৰাৰ ভয়তে মিত্ৰজোঁটত থকা অগপৰ একাধিক মন্ত্ৰীয়ে ’পদত্যাগ’ৰ নাটকেৰে মানুহক আঁভুৱাভাঁৰিলে। ’কা’ বিৰোধী প্ৰতিবাদ সামান্য শাম কাটোতেই তেওঁলোক পুনৰ মন্ত্ৰীৰ পদত গজগজীয়া হৈ পৰিল। অগপ নেতাৰ এনে দুমুখীয়া চৰিত্ৰ নিঃসন্দেহে অসমৰ প্ৰকৃত জাতীয়তাবাদী মনৰ জনতাই মনত ৰাখিব আৰু সময়ত সেইবোৰৰ হিচাব-নিকাচো ল’ব। 

     যিকিনহওঁক ভাৰতীয় ইতিহাসত ছাত্ৰ সংগ্ৰাম হিচাপে অসম আন্দোলনৰ কথা বিশ্বই জানিছিল। ১৯৭৯ চনত সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত এই আন্দোলনৰ আৰম্ভণি হৈছিল আৰু  ১৫ আগষ্ট, ১৯৮৫ চনত ভাৰত চৰকাৰৰ সৈতে স্বাক্ষৰিত অসম চুক্তিৰ জৰিয়তে সমাপ্ত হৈছিল। ছবছৰীয়া  আন্দোলনত  ৮৫৫জন লোকে (পিছলৈ ৮৬০) শ্বহীদ হৈছিল। শ্বহীদৰ ত্যাগৰ বিনিময়ত গঠন হোৱা অগপই এতিয়া যেন অসম চুক্তিকেই পাহৰি গৈছে। চুক্তিখনৰ অতি প্ৰয়োজনীয় দফাসমূহ ৰূপায়ণ কৰাৰ বাবে দলটোৱে বৰ্তমানৰ বিজেপি চৰকাৰ হেঁচা দিয়াৰ সলনি মৌনতাহে অৱলম্বন কৰা পৰিলক্ষিত হৈছে। তেনে হোৱাৰ কাৰণ হয়তো এটা, অগপ যে এতিয়া বিজেপিৰ সহযোগী দল, বুকুৰ কুটুম। ভাৰতৰ ৰাজনীতিত এতিয়াও আঞ্চলিক দলসমূহৰ গুৰুত্ব নুই কৰিব নোৱাৰি। 

    পশ্চিম বংগত তৃণমূল কংগ্ৰেছ, উত্তৰ প্ৰদেশৰ বহুজন সমাজ পাৰ্টি, সমাজবাদী পাৰ্টি, পঞ্জাৱৰ অকালি দল, মহাৰাষ্ট্ৰৰ শিৱসেনা, তামিলনাডুৰ এআইএডিএমকে, তামিলনাডুৰ ডিএমকে, উৰিষ্যাৰ বিজু জনতা দল আদি আঞ্চলিক দলবিলাকে অতীতত বিভিন্ন সময়ত ৰাষ্ট্ৰীয় চৰ্চাত আছিল।এতিয়াও নিৰ্বাচনী হিচাব মিলাওতে এনে দলবোৰৰ গুৰুত্ব অপৰিসীম। 

    কেন্দ্ৰ বা ৰাজ্যসমূহত একক সংখ্যাগৰিষ্ঠতা থকা চৰকাৰ গঠন কৰাৰ উদাহৰণ তেনেই কম।এতিয়া  মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ ধাৰা আৰম্ভ হৈছে, সেয়েহে ৰাষ্ট্ৰীয় দলবোৰে আঞ্চলিক দলসমূহৰ সৈতে হাত মিলাবলৈ বাধ্য হৈছে। কিন্তু অসমক বাদ দি দেশৰ কোনো এখন ৰাজ্যতে ৰাষ্ট্ৰীয় দলৰ সৈতে মিত্ৰতা কৰাৰ পিছত তেনে দলে আঞ্চলিক চৰিত্ৰ হেৰুৱাই পেলোৱাৰ উদাহৰণ নাই। কিন্তু অসমত যেন অগপই পূৰ্বৰ আঞ্চলিক চৰিত্ৰ হেৰুৱাই পেলাইছে। আপাততঃ জাতীয়তাবাদত বিশ্বাসী লোকসকলৰ বহুতৰে মনত এতিয়া তেনে ভাৱৰে উদয় হোৱা যেন অনুমাণ হৈছে।







    scatter hitamslot thailandmpo slotsv388mahjong ways 2slot777https://www.satudatadesa.com/link agen sbobet loginLink Agen Sabung Ayam OnlineMix ParlaySlot88SV388Agen SBOBETSlot777 Scatter HitamSabung Ayam Wala MeronAgen Mix ParlayScatter Hitamslot gacorsabung ayam onlineindojawa88sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388agen sbobet situs sabung ayam situs scatter hitam agen bola scatter hitam mahjong sabung ayam online 24 jam mix parlay slot terpercaya bandar sabung ayam sbobet88 situs sabung ayam