ডিজিটেল ডেস্কঃ পুনৰ কাৰাবন্দী হোৱাৰ দিশে অখিল গগৈ। গগৈৰ বিৰুদ্ধে পুনৰ চলিব NIAৰ গোচৰ। NIAৰ গোচৰত দৈনন্দিন ভিত্তিত হ’ব শুনানি। গগৈৰ বিৰুদ্ধে বিচাৰ চলোৱাৰ অনুমতি ন্যায়ালয়ৰ।
‘কা’ আন্দোলনৰ সময়ত অখিল গগৈ আৰু তেওঁৰ ৩জন সহযোগীৰ বিৰুদ্ধে ৰুজু হোৱা NIAৰ গোচৰত পুনৰ আৰম্ভ হ’ব বিচাৰ প্ৰক্ৰিয়া। গোচৰটো সন্দৰ্ভত উপযুক্ত প্ৰমাণৰ অভাৱত অখিল গগৈক মুক্তি দিয়া হৈছিল যদিও পুনৰ বিচাৰ প্ৰক্ৰিয়া চলোৱাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল NIAএ। অখিল গগৈৰ বিৰুদ্ধে বিচাৰ চলোৱাৰ বাবে উচ্চ ন্যায়ালয়ে অনুমতি দিয়াৰ লগতে অখিল গগৈক অহা ২৩ ফেব্ৰুৱাৰীত নতুনকৈ জামিন আবেদন কৰিবলৈ নিৰ্দেশ দিছে। তেনেক্ষেত্ৰত ২৩ ফেব্ৰুৱাৰীত অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনাই দেখা দিছে। গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ।
তেনে সময়ছোৱাতে অখিল গগৈয়ে ফেচবুকত লিখিলে এটা আবেগিক প’ষ্ট। অখিল গগৈয়ে লিখিলে এনেদৰে...
“কাৰাগাৰলৈ যাবলৈ প্ৰস্তুত হৈছো
আমাৰ বিৰুদ্ধে ‘কা’বিৰোধী আন্দোলনৰ ‘নিয়া’(NIA)ৰ গোচৰটো পুনৰ আৰম্ভ হ’ল।’নিয়া’ৰ আপীলৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে যোৱা ৯ ফেব্ৰুৱাৰীত গোচৰটো পুনৰাম্ভ কৰিবলৈ নিৰ্দেশ দিছে। তথ্য-প্ৰমাণসহ ‘নিয়া’ৰ অভিযোগ প্ৰমাণ নোহোৱাত যোৱা ১ জুলাই ২০২১ তাৰিখে এই গোচৰটোৰ পৰা মোক আৰু মোৰ সতীৰ্থসকলক ‘নিয়া’ আদালতে সম্পূৰ্ণ মুক্ত কৰি দিছিল। কিন্তু চৰকাৰে মোৰ বিৰুদ্ধে পুনৰ ষড়যন্ত্ৰ আৰম্ভ কৰিলে; কাৰণ মই দৃঢ়তাৰে বিজেপি চৰকাৰ বিৰোধী অৱস্হান অব্যাহত ৰাখিলো। এতিয়া মই ২৩ ফেব্ৰুৱাৰীত আদালতত হাজিৰ হ’ব লাগিব। বোধহয় সিদিনাই মই পুনৰ কাৰাগাৰলৈ যাব লাগিব।আগৰবাৰ ‘কা’বিৰোধী এই গোচৰত ১ বছৰ ৭ মাহ জে’লত আছিলো, এইবাৰ কিমান দিন জে’লত থাকিব লাগিব নাজানো। আপোনালোক আটাইৰে পৰা এই সংকটৰ সময়ত আশীৰ্বাদ বিচাৰিলো।
আপোচ নকৰাই মোৰ একমাত্ৰ অপৰাধ। মোক আপোচৰ অনেক প্ৰস্তাৱ দিয়া হৈছিল; সকলোবোৰ মই দৃঢ়তাৰে নাকচ কৰিছিলো। মই জনগণ, জাতি আৰু দেশক বিশ্বাসঘাতকতা কৰিব নোৱাৰে। বিশ্বাসঘাতকতা মোৰ তেজত নাই। সাম্প্ৰদায়িক ফেচিবাদীহঁতৰ সৈতে মই আপোচ কৰিব নোৱাৰো। তাতকৈ জে’লৰ জীৱনকে মই বাচি লৈছো। দৰকাৰ হ’লে ওৰে জীৱন কাৰাগাৰতে কটাম; কিন্তু জাতিক বিশ্বাসঘাটকতা নকৰো।
জয় আই অসম।
ইনকিলাব জিন্দাবাদ”
Leave A Comment