• হঠাতে ৰাইজৰ দললৈ বিশ্ববিদ্যালয়ৰ একাংশ ছাত্র-ছাত্ৰী; আস্থা প্ৰকাশ আঞ্চলিকতাবাদত

    ৰাজনৈতিক
    হঠাতে ৰাইজৰ দললৈ বিশ্ববিদ্যালয়ৰ একাংশ ছাত্র-ছাত্ৰী; আস্থা প্ৰকাশ আঞ্চলিকতাবাদত
    ডিজিটেল ডেস্ক: ধৰ্মনিৰপেক্ষতা, সমাজবাদ আৰু প্ৰগতিশীলতা বিশ্বাসী, অসমৰ আঞ্চলিক ৰাজনৈতিক ক্ষেত্ৰত এক অনবদ্য সংযোজন ৰাইজৰ দল৷ ৰাইজৰ দল গঠন হৈছিল  কৃষক নেতা অখিল গগৈৰ নেতৃত্বত ২০২০ চনৰ ২ অক্টোবৰত৷ এক প্ৰগতিশীল আঞ্চলিক বিকল্প প্ৰদান কৰা লক্ষৰে গঠন কৰা দলটোৱে ‘নেতৃত্ব নতুনৰ লক্ষ্য সূৰ্যোদয়ৰ’ উদ্দেশ্য আগত ৰাখি যোগদান কাৰ্যসূচী গ্ৰহণ কৰিছে৷ 

    দলটোৰ বিশ্বাস নতুন প্ৰজন্মই আঞ্চলিক ৰাজনৈতিক শক্তিক বৃদ্ধি কৰাৰ লগতে জাতি-ভেটি, ভাষা-সংস্কৃতি আৰু অৰ্থনীতিও আঞ্চলিক শক্তিয়ে সমৃদ্ধ কৰিব৷ বৃহস্পতি বাৰে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত জাতীয় যুৱ বাহিনীৰ এক যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰে দলটোৱে।

    উক্ত যোগদান কার্যসূচীত গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, গুৱাহাটী কমাৰ্চ কলেজ, লখিমপুৰ কমাৰ্চ কলেজৰ একাধিক প্ৰাক্তন আৰু বৰ্তমান অধ্যয়নৰত ছাত্ৰ সমাজে যোগদান কৰে। বীৰ লাচিত সেনা, ভাৰতীয় জনতা যুৱ মৰ্চাকে ধৰি বিভিন্ন সংগঠন ত্যাগ কৰি শতাধিক যুৱ সমাজে আজি জাতীয় যুৱ বাহিনীত যোগদান কৰে। 

    উনুষ্ঠানটোত উপস্থিত থাকে ক্ৰমে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমান, জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষজ্যোতি গগৈ, উপ-সভাপতি ৰাতুল ৰয়, নাৰী বাহিনীৰ সাধাৰণ সম্পাদিকা মমী ৰায় চৌধুৰীকে ধৰি কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিটিত যোগদান কাৰ্যসূচী সমাপন হয়৷